ADRE 2025 Results: আজি মাজনিশা ১২ বজাত ঘোষণা হ’ব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ ফলাফল, এইদৰে চাব পাৰিব ৰিজাল্ট

ADREৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে SLRC অফিচিয়েল ৱেবছাইটত চাব পাৰিব ফলাফল । তৃতীয় শ্ৰেণীৰ ফলাফল slrcg3.sebaonline.org আৰু assam.gov.in ত উপলব্ধ হোৱাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ ফলাফল slrcg4.sebaonline.org আৰু অসম ৰাজ্যিক পৰ্টেলত প্ৰকাশ পাব।

ADRE 2025 Results: আজি মাজনিশা ১২ বজাত ঘোষণা হব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ ফলাফল, এইদৰে চাব পাৰিব ৰিজাল্ট

প্ৰতীকি ফটো

Updated On: 

06 Mar 2025 18:01 PM

৭ মাৰ্চ, ২০২৫ শুকুৰবাৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (SLRC) ঘোষণা কৰিব  অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ লিখিক পৰীক্ষাৰ  ফলাফল। সূত্ৰ অনুসৰি ৭ মাৰ্চৰ মাজনিশা ১২ বজাৰ লগে লগে প্ৰকাশ পাব ফলাফল। সংবাদমেলত এই তথ্য প্ৰদান SLRCৰ। কেইদিনমান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জনাইছিল এই কথা।  মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, ৭মাৰ্চত ঘোষণা কৰা কৰা হ’ব বহুপ্ৰতীক্ষিত ADRE ফলাফল। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।

ADREৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে SLRC অফিচিয়েল ৱেবছাইটত চাব পাৰিব ফলাফল । তৃতীয় শ্ৰেণীৰ ফলাফল slrcg3.sebaonline.org আৰু assam.gov.in ত উপলব্ধ হোৱাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ ফলাফল slrcg4.sebaonline.org আৰু অসম ৰাজ্যিক পৰ্টেলত প্ৰকাশ পাব।

ADRE Results 2025: প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰি ADREৰ ফলাফল চাব পাৰিব

  • গ্ৰেড ৩ৰ বাবে (slrcg3.sebaonline.org) আৰু গ্ৰেড 4ৰ বাবে  (slrcg4.sebaonline.org)ৰ অফিচিয়েল ৱেবছাইট চাওক।
  • হোম পেজত ADRE গ্ৰেড 3 বা গ্ৰেড 4 ৰ ফলাফল লিংকত ক্লিক কৰক।
  • লাগতিয়াল তথ্য পূৰণ কৰি দাখিল কৰক।
  • ফলাফল চাওক আৰু ডাউনলোড কৰক।
  • ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে এটা প্ৰিন্টআউট উলিয়াই থব।

উত্তীৰ্ণ হোৱাসকলে কি কৰিব লাগিব?

ADRE ৰ তৃতীয় বৰ্গৰ ৰিজাল্ট লাভ কৰাৰ পাছত বাচনী হোৱা প্ৰাৰ্থীসকল পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে যাব লাগিব । য’ত নথি-পত্ৰ আৰু দক্ষতা পৰীক্ষা কৰা হ’ব । ইয়াৰ বাবে প্ৰাৰ্থীসকলে কম্পিউটাৰ/ষ্টেনোগ্ৰাফী/ড্ৰাইভিং আদি দক্ষতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । পদ অনুসৰি দক্ষতাৰ পৰীক্ষা অনুষ্ঠিত হ’ব । উদাহৰণ স্বৰূপে চালক পদৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত বাচনিভুক্ত প্ৰাৰ্থীয়ে নিজ শিক্ষা আৰু অনান্য প্ৰয়োজনীয় নথি-পত্ৰ (Original) লগত আনিব লাগবি । শিক্ষা, বয়স, জাতি-জনজাতি (সংৰক্ষিত শ্ৰেণীৰ বাবে), কম্পিউটাৰ, দিব্যাংগ আদি প্ৰয়োজনীয় নথি প্ৰাৰ্থীৰ লগত থকাতো বাধ্যতামূলক ।

উল্লেখ্য যে ,২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) । ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা । চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে) ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত । এই পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব । লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক দক্ষতা পৰীক্ষণৰ বাবে বাচনি কৰা হ’ব । যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?