অষ্টম, দশম আৰু দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ভাৰতীয় সেনাই বিভিন্ন পদৰ বাবে জাৰি কৰিছে জাননী। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন।

অগ্নিবীৰ
আপুনিও দেশমাতৃৰ হৈ সেৱা আগবঢ়াব বিচাৰে নেকি? আপুনিও সেনাবাহিনীত কাম কৰিব বিচাৰে নেকি? তেন্তে আছে এক ভাল খবৰ। ভাৰতীয় সেনাই অগ্নিবীৰ (Agniveer) নিযুক্তি ২০২৫ ৰ বাবে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। গতিকে প্ৰাৰ্থীসকলে সেনাবাহিনীৰ অফিচিয়েল ৱেবচাইট joinindianarmy.nic.in ত গৈ নিজ নিজ আঞ্চলিক নিযুক্তি কাৰ্যালয়ৰ অধীনত বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰিব। এই পদৰ নিযুক্তিৰ বাবে শেষ তাৰিখ ১০ এপ্ৰিল,২০২৫। গতিকে ইয়াৰ পূৰ্বে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।
অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ভাৰতীয় সেনাবাহিনীৰ জেনেৰেল ডিউটি, টেকনিকেল, ক্লাৰ্ক/ষ্ট’ৰ কিপাৰ টেকনিকেল আৰু ট্ৰেডছমেনকে ধৰি বিভিন্ন পদৰ বাবে নিযুক্তি দিয়া হ’ব। ইয়াৰোপৰি এই পদৰ বাবে লিখিত পৰীক্ষা, দৌৰ, চিকিৎসা পৰীক্ষা আৰু নথি পৰীক্ষণৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।
যোগ্যতা
সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ অধীনত জিডি পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ৪৫% নম্বৰ লৈ দশম উত্তীৰ্ণ হ’ব লাগিব। অগ্নিবীৰ কেৰাণী পদৰ বাবে ৬০% নম্বৰ লৈ দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব। অগ্নিবীৰ ট্ৰেডছমেন পদৰ বাবে আবেদনকাৰীয়ে ৩৩% নম্বৰ লৈঅষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।
বয়স
এই সকলো পদৰ বাবে প্ৰাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰ হ’ব লাগিব। আবেদনকাৰীৰ জন্ম ২০০৪ চনৰ ১ অক্টোবৰৰ পৰা ২০০৮ চনৰ ১ এপ্ৰিলৰ ভিতৰত হ’ব লাগিব। যোগ্যতা আৰু অন্য তথ্য জানিবৰ বাবে প্ৰাৰ্থীয়ে ভাৰতীয় সেনাই জাৰি কৰা অগ্নিবীৰ নিযুক্তি জাননী পৰীক্ষা কৰিব পাৰে।
মাচুল
অগ্নিবীৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলে ২৫০ টকা মাচুল আদায় দিব লাগিব । ইয়াৰোপৰি কোনো শ্ৰেণীৰ পৰীক্ষাৰ্থীক মাচুলৰ পৰা ৰেহাই দিয়া নহয়।
কেনেকৈ কৰিব আবেদন
- প্ৰথমে সেনাৰ অফিচিয়েল ৱেবচাইট joinindianarmy.nic.in ত যাওক।
- পঞ্জীয়ন কৰক।
- হোমপেজত JCO / OR / অগ্নিবীৰৰ লগ ইন লিংকত ক্লিক কৰক।
- লগ ইন কৰি আবেদন পূৰ কৰক।
- তথ্য জমা কৰি মাচুল আদায় কৰক।
- চাবমিট কৰক।
আবেদন কৰিবলৈ- Agniveer Bharti 2025 Apply Link
নিৰ্বাচন প্ৰক্ৰিয়া
অগ্নিবীৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অনলাইন কমন এণ্ট্ৰেন্স এক্সাম (চিইই), ফিজিকেল ফিটনেছ টেষ্ট (পিএফটি) আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট (পিএমটি) আৰু মেডিকেল পৰীক্ষাৰ জৰিয়তে কৰা হব। ১৩টা ভিন্ন ভাষাত অনুষ্ঠিত হ’ব কমন এণ্ট্ৰেন্স পৰীক্ষা।অগ্নিবীৰ কেৰাণী/ষ্ট’ৰ কীপাৰ টেকনিকেল প্ৰাৰ্থীৰ বাবেও টাইপিং টেষ্ট কৰা হ’ব।
অন্য খবৰ পঢ়কঃ CISF, BSF, CRPF ত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব লাগিব জানক…