এইমছত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
এইমছত চাকৰি কৰাৰ সুবৰ্ণ সুযোগ। দেশৰ কেইবাখনো এইমছত ওলাইছে চাকৰি। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব।

প্ৰতিনিধিত্বমূলক ছবি
চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। All India Institute of Medical Sciences (AIIMS),নতুন দিল্লীয়ে এক জাননী জাৰি কৰিছে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি এইমছে দিল্লী আৰু অন্যান্য ঠাইৰ এইমছত নিযুক্তি প্ৰদান কৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি এইমছে নাৰ্চিং অফিচাৰ পদ পূৰ কৰিব। এই আবেদন প্ৰক্ৰিয়া ১৭ মাৰ্চ, ২০২৫ লৈ চলিব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছ্যুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে।
পদৰ বিষয়ে
- পদৰ নামঃ নাৰ্চিং অফিচাৰ
- পৰীক্ষাঃ নাৰ্চিং অফিচাৰ ৰিকিউটমেন্ট কমন এলিজিবিলিটি টেষ্ট ( Nursing Officer Recruitment Common Eligibility Test (NORCET) 8)
- বয়সঃ ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰত (অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকসকলে কিছু ৰেহাই পাব)
শিক্ষাগত অৰ্হতা
- বি.এছ.চি. (Hons.) নাৰ্চিং / বি. ভাৰতীয় নাৰ্চিং কাউন্সিল/ৰাজ্যিক নাৰ্চিং কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা নাৰ্চিং বা বি. (পোষ্ট-চাৰ্টিফিকেট) / পোষ্ট-বেচিক বি. ভাৰতীয় নাৰ্চিং কাউন্সিল/ৰাজ্যিক নাৰ্চিং কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান/ বিশ্ববিদ্যালয়ৰ পৰা নাৰ্চিং।
- ভাৰতীয় নাৰ্চিং কাউন্সিল/ৰাজ্যিক নাৰ্চিং কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউট / ব’ৰ্ড বা কাউন্সিলৰ পৰা সাধাৰণ নাৰ্চিং মিডৱাইফাৰীত ডিপ্লমা । (অধিক জানিবৰ বাবে এইমছৰ অফিচিয়েল ৱেবচাইট চাব পাৰে)।
ক’ত ক’ত নিযুক্তি দিব
- এইমছ বাথিণ্ডা
- এইমছ ভোপাল
- এইমছ ভুৱনেশ্বৰ
- এইমছ বিবিনগৰ
- এইমছ বিলাসপুৰ
- এইমছ দেওঘৰ
- এইমছ গোৰখপুৰ
- এইমছ যোধপুৰ
- এইমছ কল্যাণী
- এইমছ মংগলাগিৰি
- এইমছ নাগপুৰ
- এইমছ দিল্লী
- এইমছ পাটনা
- এইমছ ৰায়েবৰেলী
- এইমছ ৰায়পুৰ
- এইমছ ৰাজকোট
- এইমছঋষিকেশ
- এইমছ বিজয়পুৰ
টোল ফ্ৰী নম্বৰঃ 1800117898
মাচুল
- জেনেৰেল- অবিচিঃ ৩০০০
- এছ চি, এছ টি, ই ডব্লিউ এছঃ ২,০০০
- দিব্যাংগঃ কোনো মাচুল দিব নালাগে।
অন্য খবৰ পঢ়কঃ বেংকৰ চাকৰিঃ বছৰি পাব ৬,০০,০০০ তকৈ অধিক টকা দৰমহা! ক’ত,কেনেকৈ আবেদন কৰিব জানক…