শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Job: AAI ত ওলাইছে চাকৰিঃ কেনেকৈ, ক’ত কৰিব আবেদন, জানক সবিশেষ…

Job: চাকৰি বিচাৰি আছে যদি ভাল খবৰ। AAI ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি কেইবাটা পদত নিযুক্তি দিয়া হ'ব। গতিকে যোগ্য় আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।

Job: AAI ত ওলাইছে চাকৰিঃ কেনেকৈ, ক’ত কৰিব আবেদন, জানক সবিশেষ…
চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 03 Feb 2025 09:40 AM

আপুনিও বিমান বন্দৰত চাকৰি কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। Airports Authority of India (AAI) য়ে কেইবাটাও পদৰ বাবে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াই ৪৯০ টা জুনিয়ৰ এক্সিকিউটিভ (অগ্নিনিৰ্বাপক সেৱা, মানৱ সম্পদ আৰু চৰকাৰী ভাষা) পদ পূৰণ কৰিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে।

পদৰ বিষয়ে

  • আবেদন প্ৰক্ৰিয়া আৰম্ভ- ১৭-০২-২০২৫
  • আবেদনৰ শেষ তাৰিখঃ ১৮-০৩-২০২৫
  • পদৰ নামঃ Junior Executive (জুনিয়ৰ এক্সিকিউটিভ)

বিভাগ অনুসৰি-

  • Fire Services (অগ্নিনিৰ্বাপক): ১৩ টা [UR:5, EWS:1, OBC:4, SC:2 ST:1]
  • Human Resources ( মানৱ সম্পদ): ৬৬টা  [UR:30, EWS:6, OBC:17, SC:9, ST:4]
  • Official Language (চৰকাৰী ভাষা): ৪ টা [UR:4]

দৰমহা– ৪০,০০০-৩%-১৪০০০০

শিক্ষাগত অৰ্হতা

অগ্নিনিৰ্বাপকঃ ইঞ্জিনিয়াৰিঙত স্নাতক ফায়াৰ ইঞ্জিনিয়াৰিং/মেকানিকেল ইঞ্জিনিয়াৰিং/অটোমোবাইল ইঞ্জিনিয়াৰিং।

মানৱ সম্পদঃ এইচ আৰ এম/এইচ আৰ ডি/পি এম এণ্ড আই আৰ/শ্ৰম কল্যাণৰ বিশেষজ্ঞতাৰ সৈতে স্নাতক আৰু এম বি এ

চৰকাৰী ভাষা- হিন্দী বা ইংৰাজী ভাষাত স্নাতকোত্তৰ। অথবা স্নাতকোত্তৰ বা ডিগ্ৰী পৰ্যায়ত হিন্দী আৰু ইংৰাজীক বাধ্যতামূলক / ঐচ্ছিক বিষয় হিচাপে লৈ আন যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ।

বয়সঃ বয়সৰ সৰ্বোচ্চ সীমা ২৭ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে কিছু সকাহ পাব। এছ চি, এছ টিৰ প্ৰাৰ্থীয়ে ৫ বছৰ, অবিচি-এন চিএল প্ৰাৰ্থীৰ বাবে ৩ বছৰ, আৰু পি ডব্লিউ ডি প্ৰাৰ্থীয়ে ১০ বছৰৰ ৰেহাই লাভ কৰিব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে Airport Authority of India (AAI) ৰ অফিচিয়েল ৱেবচাইটলৈ যাওক।
  • Important Web-Links ত ক্লিক কৰক।
  • Online Application Form লিংকত ক্লিক কৰি লগ ইন কৰক।
  • নিজৰ সকলো প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • আবেদনৰ মাচুল নাই, গতিকে আবেদন চাবমিট কৰি দিয়ক।\
  • আবেদনৰ এটা প্ৰিন্ট উলিয়াই থ’ব।
  • অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

 

অন্য খবৰ পঢ়কঃ Job: পুনৰ ওলাইছে চাকৰি, দশম আৰু দ্বাদশ উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন, জানক সবিশেষ…