ভাল খবৰ! পশুপালন বিভাগত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

job: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। অসমত ওলাইছে কেইবাটা পদৰ বাবে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব।

ভাল খবৰ! পশুপালন বিভাগত ওলাইছে চাকৰি, কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

05 Mar 2025 11:49 AM

আপুনিও অসমত থাকিয়ে চাকৰি কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো পুনৰ অসমত ওলাইছে চাকৰি। শেহতীয়াকৈ পশুপালন আৰু পশু চিকিৎসা বিভাগ (Animal Husbandry and Veterinary Department)ত চাকৰি কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। বিভাগটোৱে ৪৪৫ টা পদৰ বাবে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বিভাগে ফিল্ড এছিচটেন্ট (VFA)ত পদত নিযুক্তি প্ৰদান কৰিব।

পদৰ বিৱৰণ

  • পদৰ নামঃ ভেটেনাৰি ফিল্ড এচিছনেন্ট
  • পদৰ সংখ্যাঃ ৪৪৫ টা।
  • দৰমহাঃ ১৪,০০০ ৰ পৰা ৭০,০০০ লৈ। ইয়াৰোপৰি অন্যান্য সুবিধা থাকিব।
  • বয়সঃ প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে কিছু ৰেহাই পাব। এছ চি, এছ টি শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৫ বছৰ আৰু অবিচিসকলে ৩ বছৰৰ ৰেহাই  পাব।

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থী জীৱবিজ্ঞান বিষয় হিচাপে লৈ HSSLC (Science) উত্তীৰ্ণ হ’ব লাগিব আৰু লগতে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত “School of Veterinary Science & Animal Husbandry” ৰ পৰা প্ৰাথমিক জ্ঞান পশু চিকিৎসা বিজ্ঞান (এবছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম)ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

শাৰীৰিক মানদণ্ড: নিয়ম ৩ (ঘ)ৰ অধীনত পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ কেডাৰত প্ৰত্যক্ষ নিযুক্তিৰ বাবে প্ৰাৰ্থী মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে সুস্থ স্বাস্থ্যৱান হ’ব লাগিব। নিযুক্তৰ পূৰ্বে প্ৰাৰ্থীসকলৰ চিকিৎসা পৰীক্ষা কৰা হ’ব।

কেনেকৈ আবেদন কৰিব

প্ৰাৰ্থীয়ে ষ্টাম্প লগোৱা স্ব-ঠিকনাযুক্ত খামৰ সৈতে আবেদনৰ বাবে অসম গেজেটৰ নৱম খণ্ড অনুসৰি মানক ৰূপত আবেদন কৰিব পাৰিব। আবেদন পূৰ কৰি শুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক, অসম, চেনিকুঠী, গুৱাহাটী-৭৮১০০৩ লৈ প্ৰেৰণ কৰিব লাগিব আৰু ১৮ মাৰ্চ, ২০২৫ তাৰিখ বা তাৰ আগতে (৫.০০ বজাত) সঞ্চালকালয়ত বা পঞ্জীয়নভুক্ত ডাকযোগে কাৰ্যালয়ৰ সময়ত ড্ৰপ বক্সত শাৰীৰিকভাৱে জমা দিব লাগিব।

আবেদনঃ ক্লিক কৰক
বিজ্ঞাপনঃ ক্লিক কৰক
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

 

 

অন্য খবৰ পঢ়কঃ এইমছত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?