মমতাজৰ স্মৃতিত প্ৰেমৰ স্মাৰক তাজমহল নিৰ্মাণ কৰা ছাহজাহানৰ কেইগৰাকী পত্নী আছিল জানেনে?
প্ৰেমৰ এক অনন্য প্ৰতীক হিচাপে চিৰবন্দিত হৈ আহিছে তাজমহল। মোগল সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ তেওঁৰ কবৰত নিৰ্মাণ কৰিছিল এই বিখ্যাত স্মৃতিসৌধটি। পিছে মমতাজৰ প্ৰতি এনে প্ৰেমৰ পিছতো শ্বাহজাহানৰ কেইগৰাকীমান পত্নী আছিল। শ্বাহজাহানে মুঠ কেইবাৰ বিয়া কৰাইছিল জানেনে?
প্ৰেমৰ এক অনন্য প্ৰতীক হিচাপে চিৰবন্দিত হৈ আহিছে তাজমহল। মোগল সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ তেওঁৰ কবৰত নিৰ্মাণ কৰিছিল এই বিখ্যাত স্মৃতিসৌধটি। মমতাজৰ প্ৰকৃত নাম আছিল অৰ্জুমন্দ বানো বেগম। তেওঁৰ ককাদেউতাক আছিল আকবৰৰ ৰাজদৰবাৰৰ বিষয়া। আনহাতে অৰ্জুমন্দ বানোৰ পেহীয়েক মহাৰ-উন-নিছাৰ ওৰফে নূৰজাহানৰ বিবাহ হৈছিল শ্বাহজাহানৰ পিতৃ জাহাংগীৰৰ সৈতে। ইতিহাস মতে উচ্চ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা মমতাজৰ সৌন্দৰ্য্যৰ বিষয়ে সেইসময়ত চলিছিল ব্যাপক চৰ্চা।
বুৰঞ্জীবিদসকলে উল্লেখ কৰা মতে, নৱৰোজ উদযাপনৰ সময়ত শ্বাহজাহান আৰু মুমতাজৰ প্ৰথম সাক্ষাৎ হৈছিল। সেইদিনা ৰাজপ্ৰসাদৰ মহিলাসকলে দোকান সজাই গহনা, মছলা আদি সামগ্ৰী বিক্ৰী কৰি আছিল। এইবোৰৰ পৰা যি উপাৰ্জন হৈছিল সেইখিনি দৰিদ্ৰ লোকক সহায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল। শ্বাহজাহান এই বজাৰলৈ আহিছিল। বজাৰতে শ্বাহজাহানে ৰেচম আৰু বহুমূলীয়া পাথৰ বিক্ৰী কৰা মুমতাজক দেখা পায়।
প্ৰথম সাক্ষাততে দুয়োৰে মাজত প্ৰেম আৰম্ভ হয়। ৰাজকুমাৰ শ্বাহজাহানে যেতিয়া পিতৃ জাহাংগীৰক অৰ্জুমন্দ বানোৰ সৈতে বিবাহৰ প্ৰস্তাৱ দাঙি ধৰিছিল, তেতিয়া তেওঁ সহজেই মান্তি হৈছিল। আনহাতে নুৰজাহানেও ভাগিনী বানোৰ সৈতে শ্বাহজাহানৰ সম্পৰ্কক আদৰণি জনায়। পিছে বিবাহৰ তাৰিখ ঠিক কৰাৰ সময়ত দৰবাৰৰ জ্যোতিষীসকলে পাঁচ বছৰৰ পাছতহে দুয়োৰে বিবাহৰ বাবে সেই শুভ ক্ষণ নিৰ্ধাৰণ কৰি দিছিল।
জ্যোতিষীৰ এই নিৰ্দেশনা অনুসৰিয়েই শ্বাহজাহান আৰু মমতাজৰ ১৬০৭ চনত বাগদান হৈছিল যদিও ১৬১২ চনত তেওঁলোকৰ বিবাহ হৈছিল। মোগল যুগৰ দৰবাৰ ইতিহাসবিদ মতামিদ খানে তেওঁৰ ‘ইকবালনামা জাহাংগীৰি’ গ্ৰন্থত লিখিছে যে শ্বাহজাহানৰ মমতাজৰ প্ৰতি যি ঘনিষ্ঠতা আৰু গভীৰ মৰম আছিল, সেয়া আন কোনো পত্নীৰ প্ৰতি নাছিল। একেদৰে বুৰঞ্জীবিদ ইনায়ত খানেও শ্বাহজাহানৰ সকলো সুখ মমতাজ কেন্দ্ৰিক আছিল বুলি উল্লেখ কৰি গৈছে।
বুৰঞ্জীবিদ যশৱন্ত লাল মেহতাই লিখিছে যে মুমতাজক পদশাহ বেগম অৰ্থাৎ মহিলা সম্ৰাট, মালিকা-ই-জাহান অৰ্থাৎ বিশ্বৰ ৰাণী, মালিকা-উজ-জামা অৰ্থাৎ যুগৰ ৰাণী আৰু মালিকা-ই-হিন্দ অৰ্থাৎ হিন্দুস্তানৰ ৰাণী উপাধি দিয়া হৈছিল। শ্বাহজাহানৰ আন কোনো বেগমক মুমতাজৰ দৰে বিলাসীতা দিয়া হোৱা নাছিল।
ইফালে মমতাজৰ সৈতে বাগদানৰ পিছত শ্বাহজাহানে প্ৰথম বিবাহ কৰাইছিল বুলি বুৰঞ্জীবিদসকলে উল্লেখ কৰিছে। মমতাজৰ সৈতে বিয়াৰ সময়লৈকে শ্বাহজাহানৰ মুঠ তিনিবাৰ বিয়া হৈছিল আৰু মমতাজ তেওঁৰ চতুৰ্থ পত্নী আছিল। বুৰঞ্জীবিদসকলৰ মতে শ্বাহজাহানৰ ৰাজত্বকালত যেতিয়া লোধিসকলে বিদ্ৰোহ কৰিছিল তেতিয়া শ্বাহজাহানে মমতাজৰ সৈতে বুৰহানপুৰলৈ গৈছিল। দীঘলীয়া যাত্ৰাৰ সময়ত প্ৰসৱ বেদনাৰ বাবে মমতাজৰ মৃত্যু হয়।