শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইতিহাসৰ বুকুত আজিৰ দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰি আহিছে । অসমৰ বাবেও আজিৰ দিনটো গুৰুত্বপূৰ্ণ । চাওক দিনটোৰ ইতিহাস...

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
manas-borah
Manas Borah | Published: 01 Apr 2025 13:43 PM

১ এপ্ৰিলৰ দিনটোৱে অসমৰ ইতিহাসৰ পাতত বিশেষ তাৎপৰ্য বহন কৰি আহিছে । এই দিনটোতে অসমৰ চাহ বাগিচা, ব্ৰহ্মপুত্ৰ নদী, চহকী সাংস্কৃতিক ঐতিহ্যই অৱশেষত প্ৰশাসনিক বিভাজন হিচাপে নিজস্ব পৰিচয় লাভ কৰে । এই প্ৰশাসনিক বিভাজনে পূব বংগৰ পৰা অসমক পৃথক কৰি সুকীয়া প্ৰদেশ হিচাপে প্ৰতিষ্ঠা কৰে।

দশক দশক ধৰি চলা সংগ্ৰামৰ পিছত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া অসমে গৌৰৱান্বিত ৰাজ্যসমূহৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে থিয় দিছিল । নিজস্ব স্বকীয় পৰিচয়, চহকী পৰম্পৰা আৰু অভেদ্য মনোভাৱৰ বাবে আজিৰ অসমক সকলোৱে সন্মান কৰে ।

স্বাধীনতাৰ পূৰ্বে অসম ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল । ১৯১২ চনৰ আজিৰ দিনটোতে পূব বংগ আৰু অসম প্ৰদেশ বিভাজনৰ ফলত সৃষ্টি হৈছিল অসম । ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। বংগৰ পৰা অসমৰ ভূখণ্ডক প্ৰথমে ১৮৭৪ চনত ‘উত্তৰ-পূব সীমান্ত’ অনিয়ন্ত্ৰণ প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল। ১৯০৫ চনত ইয়াক পূব বংগ আৰু অসমক নতুন প্ৰদেশত অন্তৰ্ভুক্ত কৰা হয় আৰু ১৯১২ চনত পুনৰ প্ৰদেশ হিচাপে ঘোষণা কৰা হয়।

এপ্ৰিল ফুল দিৱস

ইফালে আজিৰ দিনটো সমগ্ৰ বিশ্বতে এপ্ৰিল ফুল দিৱস হিচাপে পালন কৰা হয় । অৰ্থাৎ ১ এপ্ৰিলৰ দিনটো হৈছে মিছা কথা কোৱাৰ দিন । এই বিশেষ দিনটো যুগ যুগ ধৰি পালন কৰি অহা হৈছে । এই দিনটো মিছা কথা কোৱাৰ দিন হিচাপে পালন কৰা হয়, যদিও এই দিনটো উৎপত্তিৰ নিশ্চিত তথ্য ক’তো পোৱা নাযায় ।

কিছু সংখ্যক ইতিহাসবিদৰ মতে, ১৮৫২ চনত ফ্ৰান্সে জুলিয়ান কেলেণ্ডাৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰলৈ সলনি কৰা সময়ত এই দিনটো প্ৰথম উদযাপন কৰা হৈছিল বুলি কোৱা হয় । আন কিছুমানে কয় যে, ঋতুৰ পৰিৱৰ্তনৰ সৈতে এই দিনটোৰ সম্পৰ্ক আছে । ইফালে ভাৰতত প্ৰথমে ইংৰাজসকলে ১৯ শতিকাত এপ্ৰিল ফুল দিৱস পালন কৰিছিল বুলি কোৱা হয় ।

ওড়িশা দিৱস

আজিৰ দিনটো ‘ওড়িশা দিৱস’ দিৱস হিচাপে পালন কৰে ওড়িশাবাসীয়ে । ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে, উৎকাল দিৱস নামেৰেও জনাজাত ওড়িশা দিৱস । ১৯৩৬ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১ এপ্ৰিলৰ দিনটোত ওড়িশা ৰাজ্য গঠন হৈছিল । সেই অনুসৰি, আজিৰ দিনটো ‘ওড়িশা দিৱস’ হিচাপে পালন কৰা হয় । এই দিৱসত ওড়িশাৰ চহকী ইতিহাস, সংস্কৃতি আৰু অৱদানক উদযাপন কৰাৰ লগতে পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ সংগ্ৰামক সন্মান জনোৱা হয়।