শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

April 14 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোত ভাৰতীয় সংবিধানৰ প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰৰ জন্মদিন সমগ্ৰ দেশতে শ্ৰদ্ধাৰে পালন কৰা হয়। ১৪ এপ্ৰিলৰ দিনটো কেৱল ভাৰততে নহয়, বিশ্ব পৰ্যায়তো ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বাবে পৰিচিত। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

April 14 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
ইতিহাসত আজিৰ দিনটো
manas-borah
Manas Borah | Published: 14 Apr 2025 07:03 AM

প্ৰতি বছৰে ১৪ এপ্ৰিলত ভাৰতীয় সংবিধানৰ প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰৰ জন্মদিন সমগ্ৰ দেশতে শ্ৰদ্ধাৰে পালন কৰা হয়। ১৮৯১ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা বাবাছাহেবে কেৱল এজন মহান সমাজ সংস্কাৰক আৰু আইনী বিশেষজ্ঞই নহয়, দেশক এনে এখন সংবিধান প্ৰদান কৰিছিল যি আজিও গণতন্ত্ৰৰ এক সুদৃঢ় ভেটি হৈয়েই আছে।

১৪ এপ্ৰিলৰ দিনটো কেৱল ভাৰততে নহয়, বিশ্ব পৰ্যায়তো ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বাবে পৰিচিত। আজিৰ দিনটোত ঘটা কিছুমান পৰিঘটনা অত্যন্ত বেদনাদায়ক । ইয়াৰে এটা আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ হত্যাকাণ্ড।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনা

  1. ১৬৫৯ চনৰ আজিৰ দিনটোতে ঔৰংজেবে দেওৰাই যুদ্ধত দাৰা শিকোহক পৰাস্ত কৰে।
  2. ১৮৬৫ চনৰ আজিৰ দিনটোতে ৱাশ্বিংটন ডি চিৰ ফৰ্ডছ থিয়েটাৰত আমেৰিকাৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ ওপৰত আক্ৰমণ সংঘটিত হয় । পিছদিনা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
  3. ১৯১২ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ বিখ্যাত জাহাজ টাইটানিক আটলাণ্টিক মহাসাগৰত আইচবাৰ্গৰ সৈতে খুন্দা মৰাৰ ফলত বহু লোকৰ প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি হয়।
  4. ১৯৪৪ চনৰ আজিৰ দিনটোতে মুম্বাই বন্দৰত গোলাবাৰুদ ভৰ্তি জাহাজ বিস্ফোৰণত প্ৰায় ১২০০ লোকৰ মৃত্যু হয়।
  5. ১৯৫৮ চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াৰ উপগ্ৰহ স্পুটনিক-২ মহাকাশ অভিযানৰ ১৬২ দিনৰ পিছত ধ্বংস কৰা হয়।
  6. ১৯৮৮ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে আমেৰিকা, পাকিস্তান আৰু আফগানিস্তানৰ সৈতে চুক্তি স্বাক্ষৰ কৰি আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয়।
  7. ২০০৮ চনৰ আজিৰ দিনটোতে ১৯৬৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হয়।

লগতে জানক আজি সোমবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…