শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

April 15 in History: ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভ হয় । ইফালে, শিখ ধৰ্মৰ ইতিহাসত ১৫ এপ্ৰিলৰ দিনটো অতি বিশেষ। ১৪৬৯ চনৰ আজিৰ দিনটোতে শিখ ধৰ্ম প্ৰতিষ্ঠা কৰা বাবা গুৰু নানকৰ জন্ম হৈছিল । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

April 15 in History: ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
manas-borah
Manas Borah | Published: 15 Apr 2025 09:26 AM

১৫ এপ্ৰিলত পালন কৰা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু তথা ব’হাগ বিহু। এই দিনটোৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভ হয় । ইফালে, শিখ ধৰ্মৰ ইতিহাসত ১৫ এপ্ৰিলৰ দিনটো অতি বিশেষ। ১৪৬৯ চনৰ আজিৰ দিনটোতে শিখ ধৰ্ম প্ৰতিষ্ঠা কৰা বাবা গুৰু নানকৰ জন্ম হৈছিল । তেওঁৰ জন্ম হৈছিল বৰ্তমান পাকিস্তানত থকা তালৱাণ্ডী ৰায় ভৈত। এই ঠাইখন বৰ্তমান ননকনা চাহাব নামেৰে জনাজাত।

ইয়াৰ উপৰিও ১৫ এপ্ৰিলৰ দিনটোৱে ফ্ৰান্সৰ বাবে বিশেষ তাৎপৰ্য বহন কৰি আহিছে । আজিৰ দিনটোতে ফ্ৰান্সত আইন প্ৰণয়ন কৰা হয় । এই আইনৰ জৰিয়তে বিদ্যালয়ত যিকোনো ধৰণৰ ধৰ্মীয় প্ৰতীক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াত হিজাব, শিখ পাগুৰি, খ্ৰীষ্টান ক্ৰছ আদি সকলো ধৰ্মীয় প্ৰতীক বিদ্যালয়ৰ ভিতৰত নিষিদ্ধ কৰা হৈছিল। কিন্তু ২০০৪ চনৰ ২ ছেপ্টেম্বৰত ফ্ৰান্সত এই আইন কাৰ্যকৰী কৰা হয়।

১৫ এপ্ৰিলৰ তাৰিখত ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা

  1. ১৪৬৯ চনৰ আজিৰ দিনটোতে গুৰু নানকৰ জন্মদিন।
  2. ১৬৮৯ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  3. ১৯৪৮ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশ ৰাজ্য গঠন হৈছিল।
  4. ১৯৭৬ চনৰ আজিৰ দিনটোতে ভাৰতে প্ৰথমবাৰৰ বাবে বেইজিংলৈ নিজৰ ৰাষ্ট্ৰদূত প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে।
  5. ১৯৮১ চনৰ ১৫ এপ্ৰিলত হাইজেক কৰা পাকিস্তান এয়াৰলাইন্সৰ বিমান বয়িং ৭২০ ছিৰিয়াত মুকলি কৰি দিয়া হয়। এই বিমানখনত ১৪৭ জন লোক আছিল। অৱশ্যে তেওঁলোকক মুকলি কৰি দিবলৈ পাকিস্তান চৰকাৰে ৫৪জন লোকক জেলৰ পৰা মুকলি কৰি দিব লগা হৈছিল।
  6. ১৯৯০ চনৰ আজিৰ দিনটোতে মিখাইল গৰ্বাচেভ ছোভিয়েট ইউনিয়নৰ প্ৰথম আৰু শেষ ৰাষ্ট্ৰপতি হয়।
  7. ভাৰতে ১৯৯৪ চনৰ আজিৰ দিনটোতে ১২৪খন দেশৰ সৈতে বাণিজ্য আৰু শুল্ক সম্পৰ্কীয় সাধাৰণ চুক্তি স্বাক্ষৰ কৰে।
  8. ২০০৪ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জেক চিৰাকে বিদ্যালয়ত ধৰ্মীয় প্ৰতীক পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা আইনত অনুমোদন জনায়।