ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
আজিৰ দিনটোতে এছ ৰাধাকৃষ্ণনে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লয়। অৱশ্যে ইণ্ডোনেছিয়াৰ বাবে ১৭ এপ্ৰিলৰ তাৰিখটো এক দুঃস্বপ্নৰ দৰেই। ১৮১৫ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ টাম্বোৰা আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত প্ৰায় এক লাখ লোকৰ মৃত্যু হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

১৭ এপ্ৰিলৰ দিনটো দেশ আৰু বিশ্বৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজিৰ দিনটোতে বিখ্যাত ক্ৰিকেটাৰ মুট্টিয়া মুৰলীথাৰণৰ জন্ম হয়। আজিৰ দিনটোতে এছ ৰাধাকৃষ্ণনে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লয়। অৱশ্যে ইণ্ডোনেছিয়াৰ বাবে ১৭ এপ্ৰিলৰ তাৰিখটো এক দুঃস্বপ্নৰ দৰেই। ১৮১৫ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ টাম্বোৰা আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত প্ৰায় এক লাখ লোকৰ মৃত্যু হৈছিল।
চাওঁ আহত আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা
- ১৮১৫ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ ছুম্বাৱা দ্বীপত টাম্বোৰা আগ্নেয়গিৰিৰ বিস্ফোৰণ হয় । এই বিস্ফোৰণত প্ৰায় এক লাখ লোকে প্ৰাণ হেৰুৱাইছিল।
- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুগোস্লাভিয়াই ১৯৪১ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ হাতত আত্মসমৰ্পণ কৰে।
- ছিৰিয়াই ১৯৪৬ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰা বুলি ঘোষণা কৰিছিল।
- ছিৰিয়া, ইজিপ্ত আৰু লিবিয়াই ১৯৭১ চনৰ আজিৰ দিনটোতে ইউনিয়ন গঠন কৰি ইউনাইটেড আৰব ষ্টেটছ (UAE) গঠন কৰে।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি এছ ৰাধাকৃষ্ণনৰ মৃত্যু হৈছিল।
- কানাডাই ১৯৮২ চনৰ আজিৰ দিনটোতে সংবিধান গ্ৰহণ কৰে।
- ২০০৮ চনৰ ১৭ এপ্ৰিলত ভাৰত আৰু ব্ৰাজিলৰ মাজত চাৰিখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।