ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
১৬৭২ চনৰ ২৫ এপ্ৰিলত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হয়। ১৯৮২ চনৰ আজিৰ দিনটোতে দূৰদৰ্শন প্ৰথমবাৰৰ বাবে ব্লেক-হুৱাইটৰ পৰা ৰঙীন হৈ পৰিল। ইতিহাসৰ পাত লুটিয়াই আজিৰ দিনটোত ঘটা কেইমান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটো
আজিৰ দিনটোত বিভিন্ন পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিব্ধ হৈ আছে । ১৬৭২ চনৰ ২৫ এপ্ৰিলত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হয়। লাচিতৰ নেতৃত্বতে শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰিছিল আহোম সেনাই । ১৯৮২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে টেলিভিছনৰ যুগত এক বৃহৎ পৰিৱৰ্তন ঘটি দূৰদৰ্শন প্ৰথমবাৰৰ বাবে ব্লেক-হুৱাইটৰ পৰা ৰঙীন হৈ পৰিল।
২৫ এপ্ৰিলৰ দিনটোত লিপিবদ্ধ হোৱা আন কেইটামান পৰিঘটনা চাওঁ আহক
- ১৮০৯ চনৰ আজিৰ দিনটোতে অমৃতসৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পঞ্জাৱৰ শিখ শাসক ৰঞ্জিত সিঙৰ মাজত স্বাক্ষৰিত হয়।
- ১৮৬৭ চনৰ আজিৰ দিনটোতে জাপানৰ ৰাজধানী টকিঅ’ত বৈদেশিক বাণিজ্যৰ অনুমতি দিয়া হৈছিল।
- ১৯০৫ চনৰ ২৫ এপ্ৰিলত দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগসকলে ভোটাধিকাৰ লাভ কৰে।
- ১৯৫৩ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দুজন বিজ্ঞানী জেমছ ডি ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে ডি এন এৰ গঠন স্পষ্ট কৰে। ইয়াৰ দ্বাৰা জীৱই কেনেকৈ বংশবৃদ্ধি কৰে সেয়াও স্পষ্ট হয় । এই আৱিষ্কাৰৰ বাবে এই দুয়োজন বিজ্ঞানীয়ে ১৯৬২ চনত নোবেল বঁটা লাভ কৰিছিল।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
- ১৯৮২ চনৰ ২৫ এপ্ৰিলত দিল্লীৰ টেলিভিছনত প্ৰথম ৰঙীন সম্প্ৰচাৰ আৰম্ভ হয়।