ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
২৬ এপ্ৰিলৰ দিনটোতে আমেৰিকাৰ প্ৰথমখন মহাকাশযান চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰে। এইখনেই আছিল চন্দ্ৰত উপস্থিত হোৱা প্ৰথমখন আমেৰিকাৰ মহাকাশযান। একেদৰে আজিৰ দিনটোতে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত আইন চৰ্চা আৰম্ভ কৰে আৰু তাতেই ব্ৰিটিছ ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা কৰে। ইতিহাসৰ পাত লুটিয়াই চাও আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসত আজিৰ দিনটো
আজি ২৬ এপ্ৰিলৰ দিনটো বিভিন্ন পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ২৬ এপ্ৰিলৰ দিনটোতে আমেৰিকাৰ প্ৰথমখন মহাকাশযান চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰে। এইখনেই আছিল চন্দ্ৰত উপস্থিত হোৱা প্ৰথমখন আমেৰিকাৰ মহাকাশযান। কিন্তু কাৰিকৰী সমস্যাৰ বাবে পৃথিৱীৰ সৈতে ইয়াৰ সংস্পৰ্শ হেৰাই যায় আৰু ই চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিব নোৱাৰিলে।
একেদৰে আজিৰ দিনটোতে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত আইন চৰ্চা আৰম্ভ কৰে আৰু তাতেই ব্ৰিটিছ ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা কৰে। ১৭৫৫ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰথমখন বিশ্ববিদ্যালয় মুকলি হয়।
চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা
- ১৬৫৪ চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ পৰা ইহুদীসকলক বহিষ্কাৰ কৰা হয়।
- ১৭৫৫ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰথমখন বিশ্ববিদ্যালয় মুকলি হয়।
- ১৮২৮ চনৰ আজিৰ দিনটোতে গ্ৰীচৰ স্বাধীনতাৰ সমৰ্থনত ৰাছিয়াই তুৰ্কিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯০৩ চনৰ আজিৰ দিনটোতে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত আইন চৰ্চা আৰম্ভ কৰে আৰু তাতেই ব্ৰিটিছ ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা কৰে।
- ১৯২০ চনৰ আজিৰ দিনটোতে মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ মৃত্যু।
- ১৯৫৯ চনৰ আজিৰ দিনটোতে কিউবাই পানামা আক্ৰমণ কৰে।
- ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশযান ৰেঞ্জাৰ-৪ চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰে।
- ১৯৯০ চনৰ আজিৰ দিনটোতে ভি আৰ পি মেননে ৪৬৩ ঘণ্টা ধৰি অবিৰতভাৱে ডিস্কো নৃত্য কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে।
লগতে পঢ়ক : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…