April 7 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটো অসমৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে ঐতিহাসিক ৰংঘৰৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফায়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ কেইটামান পৰিঘটনা।

April 7 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ফাইল ফটো

Updated On: 

07 Apr 2025 09:42 AM

আজি ৭ এপ্ৰিল, সোমবাৰ । আজিৰ দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন । আজিৰ দিনটোতে ঐতিহাসিক ৰংঘৰৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই । সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে এখন স্বতন্ত্ৰ অসম প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গঠন হোৱা এই সংগঠনটোক ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ কৰা হৈছে । ১৯৭৯ চনৰ ৭ এপ্ৰিলৰ দিনটোত ৰংঘৰৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসমে ।

একেদৰে এই ৭ এপ্ৰিলৰ তাৰিখটো ইতিহাসৰ পৃষ্ঠাত বহু উল্লেখযোগ্য পৰিঘটনাৰ বাবে জনাজাত। ইয়াৰ ভিতৰত কিছুমান ঘটনা আছে যিবোৰে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰে এটা গুৰুত্বপূৰ্ণ দিন আছিল ১৯৪৮ চনৰ ৭ এপ্ৰিল । এই দিনটোতে ৰাষ্ট্ৰসংঘই বিশ্ব স্বাস্থ্য সংস্থা (WHO) প্ৰতিষ্ঠা কৰিছিল।

বিশ্ব পৰ্যায়ত স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু স্বাস্থ্য সেৱাৰ মানদণ্ড নিৰ্ধাৰণৰ বাবে কাম কৰে বিশ্ব স্বাস্থ্য সংস্থাই। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। এই দিনটোৰ স্মৃতিত প্ৰতি বছৰে ‘বিশ্ব স্বাস্থ্য দিৱস’ পালন কৰা হয়।

চাওঁ আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনা

  1. ১৮১৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ অধীনত বংগ ৰাজ্যিক কয়দী নিয়ন্ত্ৰণ আইন(Bengal State Prisoners Regulation Act) প্ৰণয়ন কৰা হয় । য’ত কোনো ব্যক্তিক বিচাৰ অবিহনে আটক কৰি দেশৰ পৰা বিতাড়িত কৰাৰ অনুমতি দিয়া হয়। ভাৰতৰ স্বাধীনতা লাভলৈকে এই আইন প্ৰযোজ্য হৈ আছিল।
  2. ১৯১৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীত বাভাৰিয়ান ছোভিয়েট ৰিপাব্লিক প্ৰতিষ্ঠা হয়।
  3. ১৯২০ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত ভাৰতীয় সীতাৰবাদক পণ্ডিত ৰবি শংকৰৰ জন্ম হয়।
  4. ১৯২৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ ইম্পেৰিয়েল এয়াৰৱেজৰ প্ৰথমখন বাণিজ্যিক বিমান ভাৰতত উপস্থিত হয় । তেতিয়া লণ্ডন-কাইৰো সেৱা কৰাচীলৈ সম্প্ৰসাৰণ কৰা হয়।
  5. ১৯৪৬ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে ছিৰিয়াৰ স্বাধীনতাক স্বীকৃতি দিয়ে।
  6. ১৯৪৮ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই বিশ্ব স্বাস্থ্য সংস্থা প্ৰতিষ্ঠা কৰে।
  7. ১৯৭৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে নিউট্ৰন বোমা উৎপাদনত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে।
  8. ২০১০ চনৰ আজিৰ দিনটোতে বিহাৰৰ আৰৱাল জিলাৰ লক্ষ্মণপুৰ-বাথে গাঁৱত ১৯৯৭ চনত ৫৮ জন দলিতক হত্যা কৰাৰ অপৰাধত পাটনাৰ এখন বিশেষ আদালতে ১৬ জন লোকক মৃত্যুদণ্ড আৰু ১০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
  9. ২০২২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহৰ বাবে ডিজিটেল বেংকিং ইউনিট স্থাপনৰ বাবে নিৰ্দেশনা জাৰি কৰে।
ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...
IPL ৰ পৰা ধোনীয়ে বৰ্তমানলৈ কিমাট টকা আয় কৰিলে? শুনিলে হ'ব আচৰিত...
ভগৱানক কাটি ফল-মূল আগবঢ়াব লাগে নে নালাগে? কি কয় প্ৰেমানন্দ মহাৰাজে