অসম লোকসেৱা আয়োগে মুকলি কৰিছে নিযুক্তি প্ৰক্ৰিয়াঃ চাওক সবিশেষ

অসম লোকসেৱা আয়োগে মুকলি কৰিছে আন এক নিযুক্তি প্ৰক্ৰিয়া। যোৱা ২২ জানুৱাৰীৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১ মাৰ্চৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব আৰু ৩ মাৰ্চৰ ভিতৰত প্ৰয়োজনীয় মাচুল পৰিশোধ কৰিব লাগিব।

অসম লোকসেৱা আয়োগে মুকলি কৰিছে নিযুক্তি প্ৰক্ৰিয়াঃ চাওক সবিশেষ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

25 Jan 2025 10:44 AM

অসম লোকসেৱা আয়োগে মুকলি কৰিছে আন এক নিযুক্তি প্ৰক্ৰিয়া। অসম চৰকাৰৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ অন্তৰ্গত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ত পৰিসংখ্যা পৰিদৰ্শকৰ ৪টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। যোৱা ২২ জানুৱাৰীৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১ মাৰ্চৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব আৰু ৩ মাৰ্চৰ ভিতৰত প্ৰয়োজনীয় মাচুল পৰিশোধ কৰিব লাগিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে চাওঁ আহক-

এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা সমপৰ্যায়ৰ প্ৰতিষ্ঠানৰ পৰা অৰ্থনীতি, পৰিসংখ্যা বা গণিতত দ্বিতীয় শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব। আনহাতে প্ৰাৰ্থীসকলৰ বয়স ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিয়ম অনুসাৰে ৫ বছৰৰ বয়সৰ ৰেহাই লাভ কৰিব।

একেদৰে অ’বিচি/এমঅ’বিচিৰ প্ৰাৰ্থীৰ বাবে ৩ বছৰ আৰু PwBD প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ বছৰৰ ৰেহাই প্ৰদান কৰা হৈছে। এই পদসমূহৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে ২২ হাজাৰ টকাৰ ৯৭,০০০ টকাৰ পে’ স্কেলত দৰমহা লাভ কৰিব। তদুপৰি ৯,৭০০ টকাৰ গ্ৰেড পেসহ চৰকাৰী নিয়ম অনুসৰি প্ৰাৰ্থীসকলে অন্যান্য ভাট্টাও লাভ কৰিব। প্ৰাৰ্থীসকলৰ বাছনি প্ৰক্ৰিয়া দুটা মূল পৰ্যায়ত অনুষ্ঠিত হ’ব- লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ।

প্ৰাৰ্থীসকলে প্ৰথমে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। লিখিত পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত যোগ্য প্ৰাৰ্থীসকলক সাক্ষাৎকাৰ ৰাউণ্ডৰ বাবে চৰ্টলিষ্ট কৰা হ’ব। লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ দুয়োটাতে পৰীক্ষাৰ্থীৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীৰ চূড়ান্ত নিৰ্বাচন কৰা হ’ব। এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলে কেৱল অনলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব।

পদসমূহৰ বাবে আবেদন কৰিবলৈ জেনেৰেল শ্ৰেণীৰ প্ৰাৰ্থীসকলে ২৫০ টকা পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচীত জাতি, অনুসূচীত জনজাতি, BPL, PwBD প্ৰাৰ্থীসকলে কোনো মাচুল পৰিশোধ কৰিব নালাগে। বিশদ তথ্যৰ বাবে প্ৰাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

প্ৰায়ে হয় নেকি ধনৰ সমস্যা? তেন্তে নকৰিব এই ভুল...
মাত্ৰ এমাহ এইদৰে ব্যৱহাৰ কৰক ভিটামিন E কেপচুল আৰু এলোভেৰা জেল, হৈ পৰিব ধুনীয়া
কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?