শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসম কৃষি বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি, কেনেকৈ কৰিব পাৰিব আবেদন, জানক…

Assam job: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো অসম কৃষি বিশ্ব বিদ্যালয়ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰে।

অসম কৃষি বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি, কেনেকৈ কৰিব পাৰিব আবেদন, জানক…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 Jan 2025 09:52 AM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University (AAU) ) যোৰহাটত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বিশ্ববিদ্যালয়খনে ৬টা যুৱ পেছাদাৰী ( Young Professional (YP-I)পদ ভৰ্তি কৰিব। এই পদসমূহৰ বাবে বিশ্ববিদ্যালয়খনে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰে।

পদসমূহ

  • যুৱ পেছাদাৰী (Young Professional I)
  • পদৰ সংখ্যা- ৬ টা
  • দৰমহা- ২৫,০০০ প্ৰতিমাহ
  • বয়স- প্ৰাৰ্থীৰ বয়স ২১ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব। ( এছ চি, এছ টিৰ বাবে বয়সৰ ৫ বছৰৰ ৰেহাই আৰু অ বি চিৰ বাবে ৩ বছৰৰ ৰেহাই দিয়া হ’ব।)
  • পদ ১ ৰ শিক্ষাগত অৰ্হতাঃ কৃষি বিজ্ঞান/ মাটি বিজ্ঞানত এম এছ চি, লগতে কম্পিউটাৰ ব্যৱহাৰ জানিব লাগিব।
  • পদ ২ৰ শিক্ষাগত অৰ্হতা কৃষি বিজ্ঞান/ মাটি বিজ্ঞান/ কৃষি অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। লগতে কম্পিউটাৰৰ ব্যৱহাৰ।
  • পদ ৩ ৰ বাবে শিক্ষাগত অৰ্হতা-উদ্যান শস্য / কৃষি বিজ্ঞানত এম এছ চি। লগতে কম্পিউটাৰৰ ব্যৱহাৰ।
  • পদৰ ৪ৰ শিক্ষাগত অৰ্হতাঃ কৃষি সম্প্ৰসাৰণ/ সম্প্ৰসাৰণ শিক্ষাত এম এছ চি। লগতে কম্পিউটাৰৰ ব্যৱহাৰ।
  • পদ ৫ ৰ বাবে শিক্ষাগত অৰ্হতাঃ / কৃষি ব্যৱসায়ত এম বি এ অথবা কৃষি অৰ্থনীতিত এম এছ চি। লগত কম্পিউটাৰৰ ব্যৱহাৰ।

সময়ঃ প্ৰাৰ্থীক ১ বছৰৰ চুক্তিত নিৰ্বাচিত কৰা হ’ব। অৱশ্যে প্ৰকল্প বা আন দিশৰ ওপৰত ভিত্তি কৰি ইয়াৰ সময়সীমা পৰৱৰ্তী সময়ত বৃদ্ধি হ’ব পাৰে।

অধিক জানিবৰ বাবে- আবেদনত ক্লিক কৰক 

 

নিৰ্বাচন প্ৰক্ৰিয়া

দিনৰ ১১ বজাত ২৯ জানুৱাৰী, ৩০ জানুৱাৰী আৰু ৩ ফেব্ৰুৱাৰীত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। পৰীক্ষাৰ স্থান চাবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে। অফিচিয়েল ৱেবচাইত – ক্লিক কৰক 

 

অন্য খবৰ পঢ়কঃ ITBP ত ওলাইছে চাকৰিঃ কোনে, কেনেকৈ কৰিব পাৰিব আবেদন, জানক…

 

Latest News