অসমৰ কৃষি বিভাগত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক…
Assam job: অসমত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কৃষি বিভাগত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰে।

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কৃষি বিভাগত কেইবাটাও পদৰ বাবে ওলাইছে চাকৰি। অসম লোকসেৱা আয়োগ (APSC)য়ে ৰাজ্যৰ কৃষি বিভাগৰ অধীনত কৃষি উন্নয়ন বিষয়া (Agriculture Development Officer) পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্ত প্ৰক্ৰিয়াৰ যোগেদি বিভাগটোৱে কেইটামাও পদ পূৰণ কৰিব। এই পদৰ বাবে কৃষি বিভাগত স্নাতক হোৱা আৱশ্যক। গতিকে আপুনিও যদি যোগ্য আৰু ইচ্ছ্যুক তেন্ত এই পদৰ বাবে আবেদন কৰিব পাৰে।
প্ৰাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবচাইট apsc.nic.in বা apscrecruitment.in ত গৈ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ১৭ এপ্ৰিল। সমান্তৰালকৈ আবেদন মাচুল পৰিশোধৰ অন্তিম তাৰিখ ১৯ এপ্ৰিল হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই নিযুক্তি অভিযানৰ অধীনত কৃষি উন্নয়ন বিষয়াৰ মুঠ ১৯৫টা পদ পূৰণ কৰা হ’ব।
পদৰ বিষয়ে
- পদৰ নামঃ কৃষি উন্নয়ন বিষয়া (Agriculture Development Officer)
- পদৰ সংখ্যাঃ ১৯৫ টা।
- দৰমহাঃ পে বণ্ড-৪, ৩০,০০০ ৰ পৰা ১,১০,০০০, জিপিঃ ১২,৭০০
- অৰ্হতা
প্ৰাৰ্থী
- ভাৰতীয় নাগৰিক হ’ব লাগিব।
- অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- পি আৰ চি থাকিব লাগিব।
- প্ৰাৰ্থীৰ বয়স ২১ ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছ.চি, এছ.টি সকলো ৫ বছৰৰ, অবিচিসকলে ৩ বছৰ,পিডব্লিউবিডিৰ প্ৰাৰ্থীসকলে ১০ বছৰৰ ৰেহাই লাভ কৰিব।
- শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগত স্নাতক লাভ কৰিব লাগিব।
- নিয়োগ বিনিময়ত প্ৰাৰ্থীয়ে নিজেই পঞ্জীয়ন কৰিব লাগিব।
Assam APSC Recruitment 2025 For Agricultural Development Officer Official Notification
দৰমহা
- সাধাৰণ শ্ৰেণীঃ ২৯৭.২০
- অবিচিঃ ১৯৭.২০
- এছ.চি, এছ.টি, পি ডব্লিউ বি ডিঃ ৪৭.২০
কেনেকৈ কৰিব আবেদন
- প্ৰথমে আপুনি APSC ৰ অফিচিয়েল ৱেবচাইটত যাওক।
- পাছত Important Web-Links ত ক্লিক কৰক।
- Online Application Form ত ক্লিক কৰক।
- নতুন পেজ এটা খুলিব।
- ব্যক্তিগত আৰু শিক্ষাগত তথ্যসমূহ দাখিল কৰক।
- পাচপোৰ্ট ফটো আৰু স্বাক্ষৰ দিয়ক।
- মাচুল আদায় কৰি চাবমিট কৰক।
- আবেদনৰ এটা প্ৰিন্ট কপি লব।
আবেদন পত্ৰঃ ক্লিক কৰক
বিজ্ঞাপনঃ ক্লিক কৰক
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
অন্য খবৰ পঢ়কঃ অসমত চাকৰি বিচাৰি আছে নেকি? তেন্তে এই পদৰ বাবে এনেকৈ কৰিব পাৰে আবেদন, জানক সবিশেষ…