অংগনবাড়ী কেন্দ্ৰত ওলাইছে চাকৰি, এনেদৰে কৰক আবেদন…

Assam job: চাকৰি বিচাৰি আছে যদি ভাল খবৰ। অংগনবাড়ী কেন্দ্ৰত ওলাইছে চাকৰি। এই পদৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন।

অংগনবাড়ী কেন্দ্ৰত ওলাইছে চাকৰি, এনেদৰে কৰক আবেদন...

চাকৰি

Published: 

12 Jan 2025 12:43 PM

চাকৰি বিচাৰি আছে যদি এই খবৰ আপোনাৰ বাবে। কিয়নো এইবাৰ অংগনবাড়ী কেন্দ্ৰত ওলাইছে চাকৰি। উজনি মাজুলী আইচিডিএছ, জেংৰাইমুখ, মাজুলীৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় (চিডিপিঅ’)ৰ কাৰ্যালয়ে বিভিন্ন অংগনবাড়ী কেন্দ্ৰত ৩০ জন অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়ক (সহায়িকা)ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন। এই আবেদনৰ শেষ সময়সীমা ২০২৫ চনৰ ১৮ জানুৱাৰী। গতিকে এই সময়ৰ ভিতৰত কৰিব পাৰে আবেদন।

পদসমূহ

১) অংগনবাড়ী কৰ্মী

পদৰ সংখ্যা- ১

শিক্ষাগত অৰ্হতা- প্ৰাৰ্থীয়ে দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব। যদি দ্বাদশত উত্তীৰ্ণ প্ৰাৰ্থী কোনো বিশেষ ক্ষেত্ৰত উপলব্ধ নহয়, তেতিয়া HSLC/AHM উত্তীৰ্ণ প্ৰাৰ্থীকো যোগ্য বুলি গণ্য কৰা হ’’ব।

দৰমহা- ৬,৫০০ টকা প্ৰতি মাহ

২) অংগনবাড়ী সহায়ৰ

পদৰ সংখ্যা- ২৯

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে HSLC/ AHM উত্তীৰ্ণ হ’ব লাগিব। যদি HSLC/AHM উত্তীৰ্ণ প্ৰাৰ্থী কোনো বিশেষ ক্ষেত্ৰত উপলব্ধ নহয়, তেন্তে নৱম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীকো যোগ্য বুলি গণ্য কৰা হ’ব।

দৰমহাঃ ৩,২০০ টকা প্ৰতিমাহ

বয়সঃ ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হ’ব লাগিব।

ঠাইঃ অংগনবাড়ী কৰ্মী/ অংগনবাড়ী সহায়ক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীজন অংগনবাড়ী কেন্দ্ৰ অৱস্থিত সংশ্লিষ্ট অংগনবাড়ী কেন্দ্ৰ জৰীপ এলেকাত বাস কৰা স্থায়ী বাসিন্দা হ’ব লাগিব।ইয়ৰ বাবে গাঁৱৰ সদস্য হোৱাৰ প্ৰমাণ পত্ৰ দিব লাগিব।

কেনেকৈ কৰিব আবেদন

প্ৰ-পত্ৰ উজানি মাজুলী আই চি ডি এছ, মাজুলীৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ’ব। গতিকে আবেদন পূৰণ কৰি প্ৰাৰ্থীয়ে ১৮ জানুৱাৰীৰ ভিতৰত জমা দিব লাগিব। অধিক জানিব পৰা লিংকটোত ক্লিক কৰিব পাৰে- অফিচিয়েল ৱেবচাইট।

 

অন্য খবৰ পঢ়কঃ NHM, অসমত ওলাইছে চাকৰিঃ আজিয়ে এনেকৈ কৰক আবেদন, জানক সবিশেষ…

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা