ACCF Job: অসমৰ ২০ খন জিলাত ওলাইছে চাকৰি, এনেকৈ কৰিব পাৰে আবেদন…

অসমত চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। কিয়নো ৰাজ্যৰ প্ৰায় ২০ খন জিলাত ওলাইছে চাকৰি। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ত ভিতৰত অনলাইন আবেদন কৰিব পাৰে।

ACCF Job: অসমৰ ২০ খন জিলাত ওলাইছে চাকৰি, এনেকৈ কৰিব পাৰে আবেদন...

চাকৰি

Published: 

30 Dec 2024 17:25 PM

অসমত চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। কিয়নো ৰাজ্যৰ কেইবাখনো জিলাত ওলাইছে চাকৰি। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা Assam cancer care foundation (ACCF) য়ে চাকৰিৰ বাবে আবেদন বিচাৰিছে। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত অসমৰ কেইবাখনো জিলাত বিভিন্নটা পদত নিযুক্তি দিয়া হ’ব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে।

কেনেকৈ কেতিয়া কৰিব আবেদন

যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ACCF ৰ অফিচিয়েল ৱেবচাইটত হৈ অনলাইন আবেদন কৰিব পাৰে।

  • প্ৰথমে আপুনি Important web link ত যাওক
  • পাছত Online application form ত ক্লিক কৰি প্ৰয়োজনীয় তথ্যসমূহ দিয়ক।
  • পাছত আপলোড কৰি দিয়ক, আৰু চাবমিট কৰক

বৰ্তমান সময়ত চলি আছে আবেদন প্ৰক্ৰিয়া।  আবেদনৰ সময়সীমা ৫ জানুৱাৰী, ২০২৫ (সন্ধিয়া ৬ বজা) । গতিকে এই সময়ৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।

পদ সমূহ

১) জিলা সমন্বয়ক (District Coordinator)

মুঠ পদৰ সংখ্যা- ১১ টা

শিক্ষাগত অৰ্হতাঃ ছ’চিয়েল ৱাৰ্কত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। লগতে স্বাস্থ্য বিভাগত কমেও ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অথবা স্বাস্থ্য খণ্ডত ৩ বছৰৰ অভিজ্ঞতা থকা যিকোনো স্নাতক।

অভিজ্ঞতা- ১ ৰ পৰা ৩ বছৰ

ঠাই- তিনিচুকীয়া, নগাঁও, গোৱালপাৰা, শ্ৰী ভূমি, মাজুলী, ধুবুৰী, মৰিগাঁও, ডিমা হাচাও, নলবাৰী, বাকছা আৰু ধেমাজি।

২) দন্ত চিকিৎসক (Dentist)

পদৰ সংখ্যা- ১৪ টা
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডেণ্টেল চাৰ্জাৰী (বিডিএছ)ত স্নাতক আৰু কমেও ১ বছৰৰ অভিজ্ঞতা।
অভিজ্ঞতা- ১ বছৰ
ঠাইঃ নগাঁও, গোৱালপাৰা, গোলাঘাট, ধুবুৰী, বিশ্বনাখ, চিৰাং, ডিমা হাচাও, চৰাইদেউ,শ্ৰীভূমি, ডিব্ৰুগড়, যোৰহাট, বঙাইগাঁও, নলবাৰী, হোজাই

 

Accf

 

৩) ষ্টাফ নাৰ্চ (STAFF NURSE)

পদৰ সংখ্যা- ৩১ টা
অৰ্হতা- জি এন এম
ঠাইঃতিনিচুকীয়া, নগাঁও, গোৱালপাৰা, শ্ৰীভূমি, মাজুলী, ধুবুৰী, বিশ্বনাথ, মৰিগাঁও, চিৰাং, ডিমা হাচাও, হোজাই, গোলাঘাট, কামৰূপ (গ্ৰাম্য), নলবাৰী, বঙাইগাঁও, বাক্সা।

 

অন্য খবৰ পঢ়ক- AESRB ত চাকৰিঃ গুৱাহাটীত চাকৰি বিচাৰি আছে যদি এই পদৰ বাবে কৰিব পাৰে আবেদন…

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?