5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ADRE: কোন বিষয়ৰ প্ৰশ্ন আহিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত, জানক…

চতুৰ্থ বৰ্গৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে এটা পৰীক্ষা অষ্টম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকা আৰু আনটো দশম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকাসকলৰ বাবে অনুষ্ঠিত হ'ব। দুয়োটা শাখাৰ বাবে Social studies ,general mathematics ,general knowledge, logical reasoning and mental ability ৰ পৰা প্ৰশ্ন আহিব।

ADRE: কোন বিষয়ৰ প্ৰশ্ন আহিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত, জানক…
তৃতীয়- চতুৰ্থ বৰ্গৰ পৰীক্ষা
Follow Us
barasha-sarma
Barasha Sarma | Published: 15 Jul 2024 11:56 AM

সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূৰ্বৰ আৰ্হিতে ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (assam direct recruitment exam, ADRE)। প্ৰথম অৱস্থাত APSC  ৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কৰা ঘোষণাৰ পাছতেই পৰীক্ষাৰ্থীসকলৰ মাজত চিন্তাই বিৰাজ কৰিছিল। অৱশেষত এই চিন্তাৰ ওৰ পৰিল। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব তাক লৈ পৰীক্ষাৰ্থীসকলৰ মাজত চৰ্চা চলি থকাৰ মাজতে সোমবাৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (State Level Recruitment Commission) পৰীক্ষাৰ ছিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি প্ৰকাশ কৰিছে।

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে মুঠ ১৫০ টা প্ৰশ্ন  থাকিব। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ০.২৫ কৈ ঋণাত্মক নম্বৰ থাকিব। অৱশ্যে পৰীক্ষাৰ তাৰিখ আৰু সময় এতিয়াই উল্লেখ কৰা হোৱা নাই। পৰীক্ষাত কোনটো বিষয়ৰ পৰা কিমান নম্বৰ আহিব তলত উল্লেখ কৰা হ’ল-

স্নাতক পৰ্যায়ৰ পদ

স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ ১৫০ টা প্ৰশ্নত ১৭৫ নম্বৰ থাকিব। ইয়াৰ বাবে সময় থাকিব ৩ ঘন্টা।  এই পৰীক্ষাক Social studies ৰ পৰা  ৩০ টা প্ৰশ্ন,  general knowledge পৰা ৩৫ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩০ টা,  general english  ৰ পৰা ১০ টা আৰু Reading comprehension and english language  ৰ পৰা ২৫ টাকৈ প্ৰশ্ন আহিব। ইয়াৰে Reading comprehension and english language ৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ২ নম্বৰকৈ থকাৰ লগতে বাকী সকলো বিষয়ৰ প্ৰশ্নৰ ১ নম্বৰকৈ থাকিব।

HSSLC  পৰ্যায়ৰ বাবে

এই পৰ্যায়ৰ বাবে মুঠ ১৫০ টা প্ৰশ্নৰ বাবে ১৫০ নম্বৰ থাকিব। ইয়াৰে Social studies ৰ পৰা  ৩০ টা প্ৰশ্ন,  general knowledge পৰা ৩০ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩৫ টা,  general english ৰ পৰা ৩৫ টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। ৩ ঘন্টাৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

হাইস্কুল পৰ্যায়ৰ বাবে (চালক)

হাইস্কুল পৰ্যায়ৰ পৰীক্ষাৰ বাবে মুঠ ১৫০ টা নম্বৰৰ বিপৰীতে ১৫০ নম্বৰ থাকিব।  এই পৰীক্ষাত Social studies ৰ পৰা  ২০ টা প্ৰশ্ন,  general knowledge পৰা ৩০ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩০ টা,  general english ৰ পৰা ৩০ টা আৰু Road transport ৰ বাবে ২০ টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। আনহাত পৰীক্ষাৰ বাবে সময় থাকিব ৩ ঘন্টা।

syllabus

ছিলেবাছ

ইয়াৰোপৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে এটা পৰীক্ষা অষ্টম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকা আৰু আনটো দশম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকাসকলৰ বাবে অনুষ্ঠিত হ’ব। দুয়োটা শাখাৰ বাবে Social studies ,general mathematics ,general knowledge, logical reasoning and mental ability ৰ পৰা প্ৰশ্ন আহিব। মুঠ ১৩৫ টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব।

Latest News