শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মীন বিভাগৰ কেইবাটাও পদত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Job: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। মীন বিভাগৰ কেইবাটাও পদৰ বাবে ওলাইছে চাকৰি। যদি আপুনি যোগ্য আৰু ইচ্ছ্যুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।

মীন বিভাগৰ কেইবাটাও পদত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Feb 2025 12:35 PM

আপুনিও চাকৰি বিচাৰি আছে নেকি? মীন বিভাগৰ কেইবাটাও পদৰ বাবে ওলাইছে চাকৰি। এই সন্দৰ্ভত অসম লোকসেৱা আয়োগে মীন বিভাগৰ অধীনত ৬৫টা মীন উন্নয়ন বিষয়া (এফ ডি অ’) পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ই ২৩ মাৰ্চ, ২০২৫ লৈ চলিব। গতিকে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন।

পদৰ বিষয়ে

  • পদৰ নামঃ মীন উন্নয়ন বিষয়া (এফ ডি অ’) (Fisheries Development Officer (FDO)
  • পদৰ সংখ্যাঃ ৬৫ টা।
  • বিভাগঃ মীন বিভাগ।
  • দৰমহাঃ ৩০,০০০ ৰ পৰা ১,১০,০০০ লৈ। গ্ৰেড পেঃ ১২,৭০০ টকা।
  • বয়সঃ ২১ বছৰৰ পৰা ৩৮ বছৰৰ প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। সংৰক্ষিত শ্ৰেণীৰলোকে ৰেহাই পাব)।
  • অৰ্হতাঃ প্ৰাৰ্থী ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এ আৰ)ৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা মীন বিজ্ঞানত স্নাতক (বি.এফ.এছ.চি.) ডিগ্ৰী লাভ কৰা হ’ব লাগিব।
  • প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰাৰ্থীয়ে অনলাইন আবেদন প্ৰ-পত্ৰৰ লগতে শিক্ষাৰ উদ্দেশ্যে অসমত জাৰি কৰা পি আৰ চি/ নিয়োগ বিনিময় পঞ্জীয়নৰ প্ৰমাণ পত্ৰ বাসস্থানৰ প্ৰমাণ হিচাপে দাখিল কৰিব লাগিব।

মাচুল

  • জেনেৰেলঃ ২৯৭.২০ টকা।
  • অবিচি-এমঅিচিঃ ১৯৭.২০ টকা।
  • এছচি, এছটি, বিপিএল, পিডব্লিউবিডিঃ ৪৭.২০ টকা।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি মীন বিভাগৰ অফিচিয়েল ৱেবচাইটত যাওক।
  • Important Web-Links ত যাওক।
  • অনলাইন আবেদনত ক্লিক কৰক।
  • ব্যক্তিগত আৰু শিক্ষাগত তথ্য দাখিল কৰক।
  • পাচপোৰ্ট ফটো আৰু স্বাক্ষৰ দাখিল কৰক।
  • মাচুল আদায় কৰক।
  • চাবমিট কৰক।

 

 

অন্য খবৰ পঢ়কঃ  ২.৩ লাখ লাভৰ সুবৰ্ণ সুযোগ! এই সুবিধাৰ বাবে ক’ত,কেনেকৈ আবেদন কৰিব লাগিব জানক…