শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam job: পুনৰ অসমত ওলাইছে চাকৰি: ক’ত, কেনেকৈ,কেতিয়া আবেদন কৰিব, জানক…

Assam job: আপুনিও চাকৰি বিচাৰি আছে যদি ভাল খবৰ। ট্ৰেন্সফৰ্মেচন এণ্ড ডেভেলপমেণ্ট বিভাগৰ অধীনত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।

Assam job: পুনৰ অসমত ওলাইছে চাকৰি:  ক’ত, কেনেকৈ,কেতিয়া আবেদন কৰিব, জানক…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Mar 2025 10:13 AM

অসম লোকসেৱা আয়োগ (APSC) য়ে  চৰকাৰৰ ট্ৰেন্সফৰ্মেচন এণ্ড ডেভেলপমেণ্ট বিভাগৰ অধীনত কেইবাটাও পদৰ নিযুক্তিৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বিভাগটোৱে ৯টা কনিষ্ঠ উন্নয়ন বিষয়া (জে ডি অ’) পদ পূৰ কৰিব। গতিকে আপুনিও যদিও চাকৰি বিচাৰি আছে আৰু এই পদৰ বাবে যোগ্য তেন্তে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ২৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ অন্তিম তাৰিখ ২৪ এপ্ৰিল, ২০২৫।

পদৰ বিষয়ে

  • পদৰ নামঃ কনিষ্ঠ উন্নয়ন বিষয়া ( Junior Development Officer (JDO)
  • পদৰ সংখ্যাঃ ৯ টা।
  • বিভাগঃ ট্ৰেন্সফৰ্মেচন এণ্ড ডেভেলপমেণ্ট (Transformation & Development Department, Govt. of Assam)
  • দৰমহাঃ ২২,০০০ ৰ পৰা ৯৭,০০০ লৈ। গ্ৰেড পে- ৯,৪০০

অৰ্হতা

  • প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • পি আৰ চি থাকিব লাগিব।
  • নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰা হ’ব লাগিব।
  • বয়সঃ ২১ ৰ পৰা ৩৮ বছৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। অৱশ্যে এছচি, এছটি সকলে ৫ বছৰ, অবিচিসকলে ৩ বছৰ, পিডব্লিউবিডি সকলে ১০ বছৰৰ ৰেহাই লাভ কৰিব।

শিক্ষাগত অৰ্হতা

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কলা, বিজ্ঞান বা বাণিজ্যত স্নাতক ডিগ্ৰী লাভ কৰা হ’ব লাগিব। ইয়াৰ ভিতৰত ষ্টেটেচটিকচ,অৰ্থনীতি, গণিত, কৃষি অৰ্থনীতি, সমাজবিজ্ঞান, নৃতত্ত্ব, সামাজিক নৃতত্ত্ব, ছচিয়েল ৱাৰ্ক, বিজনেচ মেনেজমেন্ট, বিজনেচ এডমিনিষ্ট্ৰেশ্যন, ভূগোল বা বাণিজ্য আদি বিষয়সমূহ থাকিব লাগিব।

দৰমহা

  • সাধাৰণ শ্ৰেণীঃ ২৯৭.২০
  • অবিচিঃ ১৯৭.২০
  • এছ.চি, এছ.টি, পি ডব্লিউ বি ডিঃ ৪৭.২০

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি APSC ৰ অফিচিয়েল ৱেবচাইটত যাওক।
  • পাছত Important Web-Links ত ক্লিক কৰক।
  • Online Application Form ত ক্লিক কৰক।
  • নতুন পেজ এটা খুলিব।
  • ব্যক্তিগত আৰু শিক্ষাগত তথ্যসমূহ দাখিল কৰক।
  • পাচপোৰ্ট ফটো আৰু স্বাক্ষৰ দিয়ক।
  • মাচুল আদায় কৰি চাবমিট কৰক।
  • আবেদনৰ এটা প্ৰিন্ট কপি লব।

 

অনলাইন আবেদনঃ ক্লিক কৰক

বিজ্ঞাপনঃ ক্লিক কৰক

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

 

অন্য খবৰ পঢ়কঃ অসমৰ কৃষি বিভাগত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক…