অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত, জানক নতুন তাৰিখ আৰু কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড
Assam Police Constable exam: পিছুৱাই দিয়া হ'ল অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা। আজি এডমিট কাৰ্ড জাৰি কৰাৰ কথা আছিল যদিও পৰীক্ষা আৰু এডমিট কাৰ্ড জাৰি স্থগিত ৰাখি নতুন দিন ঘোষণা কৰে বিভাগীয় কৰ্তৃপক্ষই।

অসম আৰক্ষী
অসম আৰক্ষী কনিষ্টবল (Assam Police Constable) নিযুক্তিৰ লিখিত পৰীক্ষাক লৈ ডাঙৰ খবৰ। স্থগিত কৰা হৈছে অসম আৰক্ষী কনিষ্টবল ভৰ্তিৰ লিখিত পৰীক্ষা। যাৰ বাবে এডমিট কাৰ্ড মুকলি হোৱাৰ তাৰিখো পিছুৱাই দিয়া হৈছে। এডমিট কাৰ্ড ১৭ মাৰ্চৰ পুৱা ১১ বজাত জাৰি কৰিব লগা আছিল যদিও এতিয়া এয়া মুকলি কৰা নহয়। অসম ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে পৰীক্ষা আৰু এডমিট কাৰ্ড জাৰি কৰা তাৰিখ স্থগিত কৰাৰ লগতে নতুন দিন ঘোষণা কৰে।
নিযুক্তি ব’ৰ্ডে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অসম আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ১ এপ্ৰিলত এডমিট কাৰ্ড মুকলি কৰা হ’ব। ব’ৰ্ডৰ মতে, প্ৰশাসনিক কাৰণত পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে। ১ এপ্ৰিলৰ পুৱা ১১ বজাত এডমিট কাৰ্ড মুকলি কৰা হ’ব। পৰীক্ষাৰ্থীয়ে নিজৰ পঞ্জীয়ন নম্বৰ আৰু জন্মৰ তাৰিখৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
কেনেকৈ কৰিব ডাউনলোড
- প্ৰথমে আপুনি SLPRB ৰ অফিচিয়েল ৱেবচাইট slprbassam.in ত যাওক।
- হোমপেজৰ কনিষ্টবল এডমিট কাৰ্ড লিংকত ক্লিক কৰক।
- পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখ চাবমিট কৰক।
- পাছত লিখিত পৰীক্ষা এডমিট কাৰ্ড স্ক্ৰীনত আহিব।
- পাছত প্ৰিন্ট এটা উলিয়াই ল’ব।
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
ইয়াৰ পূৰ্বে জাৰি কৰা জাননীত উল্লেখ কৰিছিল যে পৰীক্ষাত অৱতীৰ্ণ হবলৈ প্ৰাৰ্থীয়ে এডমিট কাৰ্ডৰ হাৰ্ড কপিৰ লগতে ফটো থকা বৈধ প্ৰমাণ পত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড বা ড্ৰাইভিং লাইচেন্স আদিৰ প্ৰয়োজন হ’ব। এই তথ্য পৰীক্ষাৰ পাছতহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।
অন্য খবৰ পঢ়কঃ Bank Job: বেংকত ওলাইছে চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…