Assam police SI: অসম আৰক্ষীৰ SI পৰীক্ষাৰ ফলাফল ঘোষণাঃ কেনেকৈ পাৰিব চাব, কেতিয়া হ’ব PST আৰু PET, জানক সকলো…
Assam police SI result: অৱশেষত ঘোষণা হল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ ফলাফল। আজি দিনৰ ১১ বজাত এই ফলাফল ঘোষণা হৈছে।

অৱশেষত ঘোষণা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (Sub-Inspector) নিযুক্তি ২০২৫ৰ ফলাফল। বৃহস্পতিবাৰে দিনৰ ১১ বজাত State Level Police Recruitment Board (SLPRB) ত এই ফলাফল ঘোষণা কৰে। উল্লেখ্য যে SLPRB য়ে চলিত বৰ্ষৰ ৫ জানুৱাৰীত অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। গতিকে লিখিত পৰীক্ষা(Combined Written Test 2025)ত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে নিজৰ ফলাফল SLPRB ৰ অফিচিয়েল ৱেবচাইত www.slprbassam.in ত চাব পাৰিব।
২০৩ টা খালী পদৰ বিপৰীতে জানুৱাৰী মাহত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে সংযুক্ত লিখিত পৰীক্ষা। নিযুক্তি প্ৰক্ৰিয়াৰ খালী পদ সমূহ আছিল-
- উপ-পৰিদৰ্শক (Sub-Inspector (Unarmed Branch)- ১৪৪ টা।
- উপ-পৰিদৰ্শক (Sub-Inspector of Police (Communication), APRO- ৭ টা
- উপ- পৰিদৰ্শক (Sub-Inspector (Armed Branch) for Assam Commando Battalions)- ৫১ টা
- DGCD & CGHG, অসমৰ অধীনত সহকাৰী উপ নিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষা (জুনিয়ৰ)ৰ- এটা পদ
কেনেকৈ চাব ফলাফল
- প্ৰথমে আপুনি SLPRB Assam ৰ অফিচিয়েল ৱেবছাইট www.slprbassam.in লৈ যাওক।
- হোমপেজত RESULT OF CWT-2025 HELD ON 05-01-2025 ত ক্লিক কৰক
- পাছত নিজৰ আবেদনৰ নম্বৰ, নাম আজি প্ৰয়োজনীয় তথ্য দিব।
- পাছত আপোনাৰ ফলাফল ওলাই পৰিব।
PST আৰু PET সূচী
লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পৰৱৰ্তী পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ইয়াৰ পাছৰ পৰ্যায়ত শাৰীৰিক মানদণ্ড পৰীক্ষা (PST) আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PET) অনুষ্ঠিত হ’ব। গুৱাহাটীৰ কাহিলীপাৰাত থকা চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত অহা ১৭ মাৰ্চৰ পৰা এই পৰীক্ষা আৰম্ভ হ’ব। ইয়াৰ সময়লসূচী তলত উল্লেখ কৰা হ’ল-
- ১৭ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (UB) in Assam Police and SI (Communication) in APRO (মহিলা প্ৰাৰ্থীৰ বাবে)
- ১৮ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (AB) in Assam Commando Battalions (মহিলা প্ৰাৰ্থীৰ বাবে)
- ১৯ আৰু ২০ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (UB) in Assam Police আৰু SI (Communication) in APRO (পুৰুষ প্ৰাৰ্থীৰ বাবে)
- ২১ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (UB) in Assam Police আৰু SI (Communication) in APRO (পুৰুষ প্ৰাৰ্থীৰ বাবে)
এডমিট কাৰ্ড কেতিয়া দিব
লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে শাৰীৰিক মানদণ্ড পৰীক্ষা (PST) আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PET)ৰ বাবে ৯ মাৰ্চৰ পুৱা ১১:০০ বজাৰপৰা SLPRBৰ ৱেবছাইটৰ পৰা PST আৰু PETৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।