5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসম আৰক্ষীৰ SI পৰীক্ষাত কি কি প্ৰশ্ন আহিল? জানক সঠিক উত্তৰসমূহ…

SI Exam: আজি অনুষ্ঠিত হৈ যায় অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে নিযুক্তি পৰীক্ষা। মুঠ ২০২টা পদৰ বাবে অনুষ্ঠিত হয় এই লিখিত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন ঠাইত হাজাৰ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত।

অসম আৰক্ষীৰ SI পৰীক্ষাত কি কি প্ৰশ্ন আহিল? জানক সঠিক উত্তৰসমূহ…
উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন উত্তৰ
barasha-sarma
Barasha Sarma | Published: 05 Jan 2025 13:59 PM

আজি অনুষ্ঠিত হৈ যায় অসম আৰক্ষীৰ উপ- পৰিদৰ্শক (Assam police SI) পদৰ বাবে লিখিত পৰীক্ষা। মুঠ ২০২টা পদৰ বাবে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় লিখিত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষা যাতে নিকা আৰু স্বচ্ছকৈ অনুষ্ঠিত হয় তাৰ বাবে আজি পুৱাৰে পৰা আৰক্ষী তথা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। আজিৰ এই পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহিল আৰু ইয়াৰ সঠিক উত্তৰসমূহ তলত উল্লেখ কৰা হ’ল-

  • চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে হৈছিল

উত্তৰঃ বননি

  • অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন

উত্তৰঃ অচ্যুত লহকৰ

  • সৌৰজগতৰ সেউজ গ্ৰহ হৈছে-

উত্তৰঃ ইউৰেনাছ

  • ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো

উত্তৰঃ সোৱণশিৰি

  • কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল

উত্তৰঃ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা

  • স্বৰ্গদেউ চুলিকফা (স্বৰ্গদেউ ৰত্নধ্বজ সিংহ) কোনটো নামেৰে জনাজাত আছিল

উত্তৰঃ ল’ৰা ৰজা

  • অসমৰ প্ৰথমগৰাক অলিম্পিক বঁটা বিজয়ী কোন

উত্তৰঃ লাভলীনা বৰগোঁহাই

  • আলোকবৰ্ষ কিহৰ একক

উত্তৰঃ দূৰত্ব

  • ভাৰতীয় অলিম্পক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি

উত্তৰঃ পি.টি উষা

  • তলত ব্যৱহৃত কোনটো পিছলকাৰক হিচাপে ব্যৱহাৰ হয়

উত্তৰঃ গ্ৰেফাইট

  • কোনবছৰত ভাৰত চৰকাৰে  ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ অথবা ইউ পি আই যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে

উত্তৰঃ ২০১৬ চন

  • নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল

উত্তৰঃ উইলিয়ামছ ৰামছে

  • স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে

উত্তৰঃ সুকুমাৰ সেন

  • গুৱাহাটীত অনুষ্ঠিত ৩৩ তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ আছিল

উত্তৰঃ ৰংমন

  • ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে-

উত্তৰঃ নুনী

  • লাচিত দিৱস কেতিয়া পালন কৰা হয়

উত্তৰঃ ২৪ নৱেম্বৰ

  • ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি

উত্তৰঃ পদুম কুঁৱৰী

  • ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ কোনখন বোলছবি বাণপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিক

উত্তৰঃ  সন্ধ্যা ৰাগ

  • কম্পিউটাৰৰ ছবি-চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে-

উত্তৰঃ পিক্সেল

  • লাফিঙ গেছ কি

উত্তৰঃ নাইট্ৰাছ অক্সাইড

  • অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা ২ খন বৈদেশিক ৰাষ্ট্ৰ

উত্তৰঃ বাংলাদেশ, ভুটান

  • অসমৰ লৌহমানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়

উত্তৰঃ বিষ্ণুৰাম মেধি

  • লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে

উত্তৰঃ ৰাষ্ট্ৰপতি

  • পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থীক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামতঃ

উত্তৰঃ লাচিত বৰফুকন

Latest News