ASSEB HS Result 2025: কাইলৈ কিদৰে চাব পাৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, এতিয়াই জানি লওক
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ ASSEB- এ এক জাননী যোগে আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ কথা ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি কাইলৈ পুৱা ৯ বজাত ফলাফল ঘোষণা কৰা হ’ব। প্ৰাথীসকলে মুঠ ১২টা ৱেবচাইটসমূহত ফলাফল চাব পাৰিব। চাওক এই বিষয়ে।

বহু চৰ্চা তথা প্ৰতীক্ষাৰ অন্ত পেলাই ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে ফলাফল ঘোষণাৰ তথ্য প্ৰকাশ কৰে। ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ ASSEB- এ এক জাননী যোগে আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ কথা ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি কাইলৈ পুৱা ৯ বজাত ফলাফল ঘোষণা কৰা হ’ব।
ফলাফল ঘোষণাৰ লগে লগে পৰীক্ষাৰ্থীসকলে ৱেবছাইটৰ জৰিয়তে নিজৰ ডিজিটেল মাৰ্ক-শ্বীট ডাউনলোড কৰিব পাৰিব বা মোবাইল এপৰ জৰিয়তে তেওঁলোকৰ মাৰ্ক-শ্বীট চাব পাৰিব। পৰীক্ষাৰ্থীসকলে মুঠ ১২টা ৱেবচাইটত পৰীক্ষাৰ ফলাফল চাব পাৰিব। আনহাতে এণ্ড্ৰইড এপ ‘UPOLOBDHA’তো চাব পাৰিব ফলাফল। গুগল প্লে’ ষ্ট’ৰৰ পৰা এই এপ ডাউনলোড কৰিব লাগিব।
The official Notification for the HS Exams 2025 results—@himantabiswa @CMOfficeAssam pic.twitter.com/9lJ8iQsS9C
— Ranoj Pegu (@ranojpeguassam) April 29, 2025
এই মোবাইল এপটোত মাৰ্ক-শ্বীট চোৱাৰ লগতে ডাউনলোড কৰাৰো সুবিধা থাকিব। প্ৰাৰ্থীসকলক অতিৰিক্ত তথ্য প্ৰদান কৰাৰ বাবে মোবাইল এপটোত আন কিছুমান সুবিধাও উপলব্ধ বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননীখনত উল্লেখ কৰিছে। জাননীখনত উল্লেখ কৰা মতে প্ৰাথীসকলে তলত দিয়া ৱেবচাইটসমূহত ফলাফল চাব পাৰিব-
ahsec.assam.gov.in
iresults.in
www.assamresult.in
iresults.net
assamjobalerts.com
vidyavision.com
indiaresults.com
schools9.com
results.shiksha
পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ চাৰ্টিফিকেট আৰু মাৰ্ক-শ্বীটৰ হাৰ্ড কপি প্ৰদানৰ তাৰিখ যথাসময়ত অৱগত কৰা হব বুলি জাননীখনত লগতে উল্লেখ কৰা হৈছে। উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৩,০২,৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২,৩০,০৯১ জন পৰীক্ষাৰ্থী কলা শাখাত, ৫৭,৭২৪ জন বিজ্ঞান শাখাত আৰু ১৭,৮৬৯ জন শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত পঞ্জীয়ন কৰিছিল।