শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CISF, BSF, CRPF ত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব লাগিব জানক…

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সহকাৰী অধিনায়ক (CAPFs) পদৰ বাবে ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।

CISF, BSF, CRPF ত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব লাগিব জানক…
প্ৰতীকি ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Mar 2025 13:06 PM

কেন্দ্ৰীয় লোকসেৱা আয়োগ ((UPSC)য়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সহকাৰী অধিনায়ক (CAPFs) পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ২৫ মাৰ্চ বা তাৰ আগতে ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইট upsconline.gov.in ত গৈ আবেদন কৰিব পাৰিব। ৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সহকাৰী কামাণ্ডেণ্টৰ মুঠ ৩৫৭টা পদ পূৰণ কৰা হ’ব। ইয়াৰ ভিতৰত বি এছ এফ (BSF)ত ২৪টা, চি আৰ পি এফ (CRPF)ত ২০৪টা, চি আই এছ এফ (CISF)ত ৯২টা, আই টি বি পি (ITBP)ৰ ৪ টা আৰু এছ এছ বি (SSB)ৰ মুঠ ৩৩টা পদ আছে।

অৰ্হতা

সহকাৰী কমাণ্ডেণ্ট পদৰ বাবে আবেদন কৰা প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। স্নাতকৰ শেষৰ বৰ্ষৰ প্ৰাৰ্থীয়েও কৰিব পাৰিব আবেদন। প্ৰাৰ্থীৰ বয়স ২০ ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।  প্ৰাৰ্থী ২ আগষ্ট ২০০০ ৰ আগত আৰু ২ আগষ্ট ২০০৫ ৰ পাছত জন্ম হোৱা হ’ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক চৰকাৰী নিয়ম অনুসৰি সৰ্বোচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হ’ব।

মাচুল

এই পদৰ বাবে আবেদন মাচুল ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে এছ চি, এছ টি, আৰু মহিলা প্ৰাৰ্থীসকলক মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। অধিক তথ্যৰ বাবে ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা বিতং অধিসূচনা চাব পাৰিব।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি ইউ পি এছ চিৰ অফিচিয়েল ৱেবচাইট upsc.gov.in ত যাওক।
  • পাছত হোম পেজৰ OTR টেবত ক্লিক কৰক।
  • প্ৰথমে পঞ্জীয়ন কৰক আৰু পাছত আবেদন পূৰ কৰক।
  • প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰি চাবমিট কৰক।
  • আবেদনৰ কপি এটা নিজৰ ওচৰত ৰাখিব।

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

পঞ্জীয়ন পত্ৰঃ ক্লিক কৰক

কেনেকৈ কৰিব নিৰ্বাচন

নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।৩ আগষ্ট. ২০২৫ ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা। পৰীক্ষাত দুখন পেপাৰ হ’ব। প্ৰথম পেপাৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দ্বিতীয়খন পেপাৰ দুপৰীয়া ২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব। প্ৰথম পেপাৰত সাধাৰণ জ্ঞান, বুদ্ধিমত্তাৰ ওপৰত হ’ব আৰু ইয়াৰ বাবে মুঠ নম্বৰ থাকিব ২৫০। এই পেপাৰখনত প্ৰশ্ন বস্তুনিষ্ঠ হ’ব।

ইয়াৰ বিপৰীতে দ্বিতীয় পেপাৰত সাধাৰণ অধ্যয়ন, ৰচনা আদিৰ ওপৰত প্ৰশ্ন থাকিব। এই পেপাৰখনৰ বাবে মুঠ ২০০ নম্বৰ থাকিব।লিখিত পৰীক্ষাৰ পিছত শাৰীৰিক দক্ষতা পৰীক্ষা (পিইটি), শাৰীৰিক মানদণ্ড পৰীক্ষা (পিএছটি), সাক্ষাৎকাৰ আৰু চিকিৎসা পৰীক্ষা অনুষ্ঠিত হ’ব।

 

অন্য খবৰ পঢ়কঃ Bank job: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…