শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ বেংকত ওলাইছে চাকৰিঃ ৫৭ বছৰৰ লোকেও কৰিব পাৰিব আবেদন, জানক সবিশেষ…

Bank job: বেংকত চাকৰি কৰিব বিচাৰে নেকি? বেংক অৱ বৰোদাত ওলাইছে চাকৰি। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনিও কৰিব পাৰে আবেদন। ইয়াৰ বাবে কিছু অৰ্হতা বান্ধি দিছে বেংকটোয়ে।

পুনৰ বেংকত ওলাইছে চাকৰিঃ  ৫৭ বছৰৰ লোকেও কৰিব পাৰিব আবেদন, জানক সবিশেষ…
প্ৰতিনিধিত্বমূলক ছবি
barasha-sarma
Barasha Sarma | Published: 31 Mar 2025 12:14 PM

বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো বেংক অৱ বৰোদা (Bank of Baroda)ত ওলাইছে চাকৰি। বেংক অৱ বৰোদাই জ্যেষ্ঠ সম্পৰ্ক প্ৰবন্ধককে ধৰি বিভিন্ন পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বেংকে ১৪৬ টা পদ পূৰণ কৰিব। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই পদৰ বাবে আবেদন কৰিব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু আবেদনৰ অন্তিম তাৰিখ ১৫ এপ্ৰিল, ২০২৫।

পদৰ বিষয়ে

পদৰ সংখ্যাঃ ১৪৬ টা।

  • ডিপুটি ডিফেন্স বেংকিং এডভাইচাৰঃ ১ টা পদ
  • প্ৰাইভেট বেংকৰঃ ৩টা পদ
  • গ্ৰুপ হেডঃ ৪ টা পদ
  • টেৰিটৰী হেডঃ ১৭ টা পদ
  • চিনিয়ৰ ৰিলেশ্যনশ্বিপ মেনেজাৰঃ ১০১ টা পদ
  • বেল্থ ষ্ট্ৰেটেজিষ্টঃ ১৮ টা পদ
  • প্ৰডাক্ট হেডঃ ১ টা পদ
  • প্ৰটফলিঅ ৰিচাৰ্চ এনালিষ্টঃ ১ টা পদ

অৰ্হতা

এই নিযুক্তিত আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক আৰু ২ বছৰৰ স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লমা ইন মেনেজমেণ্টৰ লগতে সংশ্লিষ্ট ক্ষেত্ৰত ১ৰ পৰা ১২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বয়সঃ আবেদনকাৰীৰ বয়স ২২ৰ পৰা ৫৭ বছৰৰ ভিতৰত হ’ব লাগিব।

মাচুল

এই নিযুক্তি প্ৰক্ৰিয়াত সাধাৰণ, অ’বিচি, আৰু ইডব্লিউএছ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৬০০ টকা + জিএছটি । ইয়াৰ বিপৰীতে অনুসূচিত জাতি, অনুসূচিত জাতি, পিডব্লিউডি আৰু মহিলা প্ৰাৰ্থীৰ বাবে মাচুল ১০০ টকা + জিএছটি।

নিৰ্বাচন প্ৰক্ৰিয়া

এই পদৰ নিযুক্তিৰ বাবে চৰ্ট লিষ্ট কৰা হ’ব আৰু পাছত ব্যক্তিগত সাক্ষাৎকাৰ (পিআই) লোৱা হ’ব। সাক্ষাৎকাৰ/নিৰ্বাচন প্ৰক্ৰিয়াত যোগ্যতাসম্পন্ন নম্বৰ বেংকে নিৰ্ধাৰণ কৰিব। প্ৰাৰ্থীসকলে আনুষংগিক বিষয়টোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অফিচিয়েল ৱেবছাইট চাব পাৰিব।

দৰমহা

নিৰ্বাচিত প্ৰাৰ্থীসকলে বছৰত ৬ লাখৰ পৰা ২৮ লাখ পৰ্যন্ত দৰমহা লাভ কৰিব। পদ অনুসৰি দৰমহা বেলেগ বেলেগ হ’ব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবচাইট www.bankofbaroda.in ত যাওক।
  • পাছত ‘Careers’ টেবত ক্লিক কৰক।
  • ‘Current openings’ ত গৈ আবেদন লিংকত ক্লিক কৰক।
  • আবেদন পূৰণ কৰক।
  • মাচুল আদায় কৰক।
  • চাবমিট কৰক।

 

অন্য খবৰ পঢ়কঃ NCRTC ত ওলাইছে চাকৰিঃ দৰমহা ৭৫,০০০ প্ৰতিমাহ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…