শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাৰ শতাধিক পদৰ বাবে আবেদনৰ আজিয়েই অন্তিম দিনঃ এতিয়াই কৰক আবেদন….

বেংক অৱ বৰোদাৰ বিভিন্ন শাখাত বিশেষজ্ঞ বিষয়া (SO) পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত মুঠ ১২৬৭টা পদ পূৰণ কৰিব বেংকটোৱে। এই পদসমূহৰ বাবে আবেদন দাখিলৰ আজিয়েই অন্তিম দিন। গতিকে যিসকল চাকৰি প্ৰত্যাশী যোগ্য প্ৰাৰ্থীয়ে এতিয়াও এই পদসমূহৰ বাবে আবেদন কৰা নাই, তেওঁলোকে আজিৰ ভিতৰতে আবেদন কৰিব লাগিব।

বাৰ শতাধিক পদৰ বাবে আবেদনৰ আজিয়েই অন্তিম দিনঃ এতিয়াই কৰক আবেদন….
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 17 Jan 2025 17:05 PM

চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে সুৱৰ্ণ এক সুযোগ। বিশেষকৈ বেংকত চাকৰি লাভৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই খবৰ। বেংক অৱ বৰোদাৰ বিভিন্ন শাখাত বিশেষজ্ঞ বিষয়া (SO) পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত মুঠ ১২৬৭টা পদ পূৰণ কৰিব বেংকটোৱে। এই পদসমূহৰ বাবে আবেদন দাখিলৰ আজিয়েই অন্তিম দিন। গতিকে যিসকল চাকৰি প্ৰত্যাশী যোগ্য প্ৰাৰ্থীয়ে এতিয়াও এই পদসমূহৰ বাবে আবেদন কৰা নাই, তেওঁলোকে আজিৰ ভিতৰতে আবেদন কৰিব লাগিব।

ইচ্ছুক প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে মনত ৰাখিব লাগিব যে এই পদসমূহৰ বাবে অনলাইন মোডতহে আবেদন কৰিব পাৰিব। ডাক বা অন্য উপায়েৰে কৰা আবেদন বৈধ নহ’ব। এই পদসমূহৰ বাবে আবেদনকাৰীৰ বয়স ২৪ৰ পৰা ৪২ বছৰৰ ভিতৰত হ’ব লাগে। অৱশ্যে প্ৰতিটো পদৰ বাবে বয়সৰ সীমা বেলেগ বেলেগকৈ নিৰ্ধাৰণ কৰা হৈছে।

সংৰক্ষিত শ্ৰেণীৰ (SC, ST, OBC) প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ ৰেহাইৰ ব্যৱস্থা আছে। বিভিন্ন পদৰ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ ধৰণে নিৰ্ধাৰণ কৰা হৈছে। আবেদনৰ যোগ্যতা আৰু বয়সৰ সীমা সম্পৰ্কে অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে বেংকে জাৰি কৰা চৰকাৰী অধিসূচনা পৰীক্ষা কৰিব পাৰিব। এই পদসমূহৰ বাবে জেনেৰেল, OBC আৰু EWS শিতানৰ প্ৰাৰ্থীসকলে ৬০০ টকা আবেদন মাচুলৰ লগতে প্ৰযোজ্য কৰ আৰু পেমেণ্ট গেটৱে চাৰ্জ পৰিশোধ কৰিব লাগিব।

আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, PWD আৰু মহিলা প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। এই মাচুলৰ সৈতে তেওঁলোকে প্ৰযোজ্য কৰ আৰু পেমেণ্ট গেটৱে চাৰ্জ পৰিশোধ কৰিব লাগিব। প্ৰথম পৰ্যায়ত পৰীক্ষাৰ্থীয়ে অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । এই পৰ্যায়ত সফল হোৱা প্ৰাৰ্থীসকলে গ্ৰুপ ডিচকাচন (GD) ৰাউণ্ডত অংশগ্ৰহণ কৰিব লাগিব।

ইয়াৰ পিছত চূড়ান্ত নিৰ্বাচনৰ বাবে পৰীক্ষাৰ্থীৰ ব্যক্তিগত সাক্ষাৎকাৰ লোৱা হ’ব। এই পদসমূহৰ বাবে যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এতিয়ালৈকে আবেদন কৰা নাই, তেওঁলোকে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি আবেদন কৰিব পাৰিব-

প্ৰথমে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in চাওক।

ৱেবছাইটৰ হোম পেজত থকা ‘Career’ টেবত ক্লিক কৰক।

তাৰ পিছত ‘Current Openings’ টেবত ক্লিক কৰি নিযুক্তি সম্পৰ্কীয় লিংকলৈ যাওক।

এতিয়া আপুনি ‘Click here for New Registration’ ত ক্লিক কৰি আপোনাৰ তথ্য পূৰ কৰিব লাগিব।

ইয়াৰ পিছত আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰি আবেদন মাচুল পৰিশোধ কৰক।

প্ৰ-পত্ৰ জমা দিব আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে আবেদন প্ৰ-পত্ৰৰ প্ৰিন্টআউট কৰি লওক।

Latest News