বেংক অৱ বৰোডাত ওলাইছে সহস্ৰাধিক পদৰ চাকৰিঃ এতিয়াই কৰক আবেদন
বেংক অৱ বৰোডাই যোগ্য তথা অৰ্হতা সম্পন্ন যুৱক-যুৱতীসকললৈ আনিছে নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ১২৬৭টা খালী পদ পূৰণ কৰা হ’ব। প্ৰাৰ্থীসকলে বেংক অৱ বৰোডাৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। কিদৰে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব, চাওক।
চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ। বেংক অৱ বৰোডাই যোগ্য তথা অৰ্হতা সম্পন্ন যুৱক-যুৱতীসকললৈ আনিছে নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ১২৬৭টা খালী পদ পূৰণ কৰা হ’ব। গতিকে চাকৰি প্ৰত্যাশী যোগ্য প্ৰাৰ্থীসকলে নিজৰ আশা পূৰণৰ বাবে এই সুযোগ নিশ্চয় অথলে যাবলৈ নিদিব। প্ৰাৰ্থীসকলে বেংক অৱ বৰোডাৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব।
এই নিযুক্তি অধিসূচনাত উল্লেখ কৰা মতে আজিৰ পৰাই প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আনহাতে আবেদনৰ অন্তিম তাৰিখ হৈছে অহা বৰ্ষৰ ১৭ জানুৱাৰী। অৰ্থাৎ এই পদসমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে ১৭ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। এই পদসমূহৰ বাবে জেনেৰেল, ই ডব্লিউ এছ, আৰু অ’বিচি প্ৰাৰ্থীৰ বাবে ৬০০ টকা আবেদন মাচুলৰ লগতে প্ৰযোজ্য কৰ আৰু পেমেণ্ট গেটৱে চাৰ্জ পৰিশোধ কৰিব লাগিব।
আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, পি ডব্লিউ ডি আৰু মহিলা প্ৰাৰ্থীসকলে ১০০ টকা আবেদন মাচুলসহ প্ৰযোজ্য কৰ আৰু পেমেণ্ট গেটৱে চাৰ্জ পৰিশোধ কৰিব লাগিব। প্ৰাৰ্থীসকলে এই মাচুল পৰিশোধ কৰাৰ পিছতহে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। আবেদন দাখিলৰ অন্তিম তাৰিখ বা তাৰ পূৰ্বে অনলাইন মোডৰ জৰিয়তে এই মাচুল বেংকত জমা কৰিব লাগিব।
অধিসূচনা অনুসৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকলে ৪৮,৪৮০ টকাৰ পৰা ১,৩৫,০২০ টকাৰ ভিতৰত দৰমহা লাভ কৰিব। এই পদসমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া পদ্ধতি অনুসৰণ কৰি আবেদন কৰিব পাৰিব-
প্ৰথমে বেংক অৱ বৰোডাৰ অফিচিয়েল ৱেবছাইট, bankofbaroda.inলৈ যাওক।
এতিয়া হোমপেজত থকা ‘Careers’ টেবত ক্লিক কৰক।
ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত এটা নতুন পেজ ওলাব।
এই নতুন পেজলৈ যোৱাৰ পিছত ‘Current Openings’ টেবত ক্লিক কৰক।
তাৰ পিছত ‘Recruitment of professionals on a regular basis in various departments’ শীৰ্ষক লিংকত ক্লিক কৰক।
এতিয়া পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি মাচুল পৰিশোধ কৰক।
ইয়াৰ পিছত আপুনি আবেদন পত্ৰ ভালদৰে পৰীক্ষা কৰি চাবমিট কৰক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে এই আবেদন পত্ৰ ডাউনলোড কৰি লওক।
এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ বাছনি প্ৰক্ৰিয়াত অনলাইন পৰীক্ষা, চাইকোমেট্ৰিক পৰীক্ষা বা পৰৱৰ্তী বাছনি প্ৰক্ৰিয়াৰ বাবে উপযুক্ত বুলি গণ্য কৰা আন যিকোনো পদ্ধতিৰ পৰীক্ষা অন্তৰ্ভুক্ত থাকিব পাৰে আৰু তাৰ পিছত গ্ৰুপ ডিচকাশন বা প্ৰাৰ্থীৰ সাক্ষাৎকাৰৰ জৰিয়তে যোগ্যসম্পন্ন প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব।