বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Bank Job: বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰি। গতিকে আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে আবেদন কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে যোগ্যতা নিৰ্ধাৰণ কৰি দিছে বেংকটোয়ে।

বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। বেংক অৱ ইণ্ডিয়া (Bank of india)ত ওলাইছে চাকৰি। স্নাতক ডিগ্ৰী লাভ কৰাসকলে বেংকত এপ্ৰেণ্টিছশ্বিপ কৰাৰ সুযোগ সুযোগ লাভ কৰিব। বেংক অৱ ইণ্ডিয়াই এপ্ৰেণ্টিছ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া ১৫ মাৰ্চলৈ চলিব। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে বেংক অৱ ইণ্ডিয়াৰ ৱেবচাইট bankofindia.co.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বেংকে মুঠ ৪০০ টা পদ পূৰণ কৰিব।
অৰ্হতা
এপ্ৰেণ্টিছ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীৰ বয়স ২০ ৰ পৰা ২৮ বছৰ হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব। এছ চি, এছ টিয়ে ৫ বছৰ, অবিচিয়ে ৩ বছৰ আৰু দিব্যাংগসকলে ১০ বছৰৰ ৰেহাই লাভ কৰিব।
মাচুল
দিব্যাংগসকলে ৪০০ টকা মাচুল, এছ চি, এছ টি আৰু মহিলাসকলে ৬০০ টকা আৰু অন্য শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৮০০ টকা মাচুল আদায় দিব লাগিব। ইয়াৰ লগত সংযোগ হ’ব জি এছ টি।
কেনেকৈ কৰিব আবেদন
- বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইট bankofindia.co.in ত যাওক।
- হোমপেজৰ কেৰিয়াৰত ক্লিক কৰক।
- Recruitment Noticeত ক্লিক কৰক।
- পৰৱৰ্তী সময়ত নিয়ম অনুসৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
- আবেদনৰ কপি এটা নিজৰ লগত ৰাখিব।
BOI Apprentice Recruitment 2025 Notification
নিৰ্বাচন প্ৰক্ৰিয়া
এপ্ৰেণ্টিছ পদৰ বাবে আবেদনকাৰীৰ বাছনি অনলাইন লিখিত পৰীক্ষা আৰু স্থানীয় ভাষা পৰীক্ষাৰ জৰিয়তে কৰা হ’ব। অনলাইন পৰীক্ষাত ১০০ নম্বৰৰ প্ৰশ্ন থাকিব। পৰীক্ষাৰ মুঠ সময়সীমা হ’ব ৯০ মিনিট।
অন্য খবৰ পঢ়কঃ বেংকৰ চাকৰিঃ বছৰি পাব ৬,০০,০০০ তকৈ অধিক টকা দৰমহা! ক’ত,কেনেকৈ আবেদন কৰিব জানক…