শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা…

এতিয়াৰ পৰা এটা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা । এই নিয়ম প্ৰয়োজ্য হ’ব অহা ২০২৬ চনৰ পৰা । মঙলবাৰে ব’ৰ্ডে এই নিয়মৰ খচৰাত অনুমোদন জনায়।

বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 25 Feb 2025 23:17 PM

এতিয়াৰ পৰা CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা এটা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব । এই নিয়ম প্ৰয়োজ্য হ’ব অহা ২০২৬ চনৰ পৰা । মঙলবাৰে ব’ৰ্ডে এই নিয়মৰ খচৰাত অনুমোদন জনায়। ব’ৰ্ডৰ মতে, প্ৰথম পৰ্যায়ত ফেব্ৰুৱাৰী-মাৰ্চ মাহত দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা আৰু মে’ মাহত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

CBSE ৰ তথ্য অনুসৰি বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা সম্পূৰ্ণ পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি হ’ব। অৱশ্যে নিজ নিজ বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা বা আভ্যন্তৰীণ মূল্যায়ন এবাৰহে অনুষ্ঠিত কৰা হ’ব। বিশেষ কথাটো হ’ল দুয়োটা পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে একেটা কেন্দ্ৰতে দিব লাগিব । ইয়াৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীয়ে অধিক পৰীক্ষাৰ মাচুল দিব লাগিব।

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে, ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ পৰীক্ষা দিব বিচাৰে সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব। যদিহে ছাত্ৰ-ছাত্ৰী দুবাৰকৈ পৰীক্ষাত হাজিৰ হয়, তেন্তে তেওঁলোকৰ শ্ৰেষ্ঠ নম্বৰহে বিবেচনা কৰা হ’ব । বৰ্তমান CBSEয়ে প্ৰস্তুত কৰা খচৰা অনুসৰি, ১৭ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ৫ মে’ৰ পৰা ২০ মে’লৈ অনুষ্ঠিত হ’ব।

CBSEৰ এই খচৰা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠকৰ আয়োজন কৰা হয়। এই সভাত বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ খচৰা আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰীতো মন্ত্ৰালয়ত এখন সভা অনুষ্ঠিত হৈছিল। ইয়াত CBSE NCERT, KV ত বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ ওপৰত আলোচনা হৈছিল। ইয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

একেদৰে চিবিএছইৰ ৱেবছাইটত বিদ্যালয়, শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ পৰা এই খচৰা নীতিৰ মতামত লোৱাৰ সিদ্ধান্ত লোৱা হয়। এই খচৰা CBSEৰ ৱেবছাইটত আপলোড কৰা হৈছে। চিবিএছইৰ এই খচৰা সন্দৰ্ভত ৯ মাৰ্চলৈকে মানুহে নিজৰ মতামত দিব পাৰিব।