5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীঘ্ৰেই প্ৰকাশ পাব CTETৰ উত্তৰ তালিকাঃ কিদৰে কৰিব পৰীক্ষা, চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া

যোৱা ১৪ ডিচেম্বৰত দেশৰ সৰ্বপ্ৰান্তৰ বহু পৰীক্ষা কেন্দ্ৰত CTET পৰীক্ষা অনুষ্ঠিত হৈছিল। CBSE- এ অতি শীঘ্ৰেই মুকলি কৰিব CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ উত্তৰ তালিকা। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে CTET ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in ত শীঘ্ৰেই উত্তৰ তালিকা চাব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব।

শীঘ্ৰেই প্ৰকাশ পাব CTETৰ উত্তৰ তালিকাঃ কিদৰে কৰিব পৰীক্ষা, চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 21 Dec 2024 15:37 PM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড অৰ্থাৎ CBSE- এ অতি শীঘ্ৰেই মুকলি কৰিব CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ উত্তৰ তালিকা। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে CTET ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in ত শীঘ্ৰেই উত্তৰ তালিকা চাব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে যোৱা ১৪ ডিচেম্বৰত দেশৰ সৰ্বপ্ৰান্তৰ বহু পৰীক্ষা কেন্দ্ৰত এই CTET পৰীক্ষা অনুষ্ঠিত হয়। দুটা শ্বিফ্টত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পেপাৰ ২ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে বিয়লি ২.৩০ বজাৰ পৰা ৫ বজালৈ পেপাৰ ১ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

এই পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত এতিয়া অচিৰেই অ’এমআৰ উত্তৰবহীৰ লগতে অস্থায়ী উত্তৰ তালিকা মুকলি কৰা হ’ব। ইয়াৰ পিছতে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আপত্তি দাখিলৰ সুবিধা লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। যিকোনো উত্তৰৰ ক্ষেত্ৰত আপত্তি পঞ্জীয়ন কৰিবলৈ প্ৰাৰ্থীসকলে প্ৰতিটো প্ৰশ্নৰ বাবদ ১০০০ টকা মাচুল পৰিশোধ কৰিব লাগিব। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰাৰ্থীসকলে প্ৰেৰণ কৰা আপত্তিসমূহহে বিবেচনা কৰা হ’ব।

তদুপৰি মাচুল অবিহনে বা আন কোনো উপায়েৰে প্ৰাৰ্থীসকলে দাখিল কৰা আপত্তিসমূহ বিবেচনাৰ বাবে গ্ৰহণ কৰা নহ’ব। প্ৰাৰ্থীসকলে আপত্তি দাখিল কৰাৰ পিছত বিশেষজ্ঞসকলে সকলো আপত্তি পুনৰীক্ষণ কৰিব আৰু তাৰ পিছত চূড়ান্ত উত্তৰ তালিকা প্ৰস্তুত কৰিব। এই চূড়ান্ত উত্তৰ তালিকাৰ ভিত্তিতহে CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। যদি কোনো আপত্তি বৈধ হিচাপে বিবেচিত হয় তেতিয়া ফলাফল প্ৰকাশৰ পিছত প্ৰাৰ্থীক প্ৰক্ৰিয়াকৰণ মাচুল ঘূৰাই দিয়া হ’ব।

পৰীক্ষাৰ উত্তৰ তালিকা মুকলি কৰাৰ পিছত পৰীক্ষাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি CTETৰ এই উত্তৰ তালিকা পৰীক্ষা কৰিব পাৰিব-

প্ৰথমে CTET ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in লৈ যাব।

তাৰ পিছত হোমপেজত থকা CTET Answer Key 2024 লিংকত ক্লিক কৰক।

ইয়াৰ পিছত আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু পাছৱৰ্ড দিয়ক।

এতিয়া আপোনাৰ পৰ্দাত অস্থায়ী উত্তৰ তালিকা মুকলি হ’ব।

উত্তৰ তালিকা পৰীক্ষা কৰি ডাউনলোড কৰক।

অহা বৰ্ষৰ আৰম্ভণিৰ ফালে, সম্ভৱতঃ জানুৱাৰী মাহৰ ভিতৰতে CTET ২০২৪ৰ ফলাফল ঘোষণা কৰা হ’ব পাৰে। CTET স্ক’ৰকাৰ্ডত প্ৰাৰ্থীৰ নাম, ৰোল নম্বৰ, জন্ম তাৰিখ, বিষয়ভিত্তিক নম্বৰ, মুঠ নম্বৰ, ৰেংক আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট কৰা হ’ব। অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীয়ে CTET ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in চাব পাৰিব।

Latest News