কেন্দ্ৰীয় চাকৰিত মকৰলৰ সুৱৰ্ণ সুযোগঃ ওলাইছে বহু পদ, চাওক সবিশেষ
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSEত ওলাইছে চাকৰি। অধীক্ষক আৰু কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় শিক্ষা সংস্থাটোৱে। ইতিমধ্যে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হৈছে। ইচ্ছুক আৰু যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে CBSEৰ অফিচিয়েল ৱেবছাইট cbse.gov.inত গৈ অনলাইন আবেদন কৰিব পাৰিব।
চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSEত ওলাইছে চাকৰি। অধীক্ষক আৰু কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় শিক্ষা সংস্থাটোৱে। ইতিমধ্যে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হৈছে। ইচ্ছুক আৰু যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে CBSEৰ অফিচিয়েল ৱেবছাইট cbse.gov.inত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত চিবিএছইয়ে মুঠ ২১২টা পদ পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
যদি আপুনিও এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে অহা ৩১ জানুৱাৰীৰ ভিতৰত অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ১৪২টা অধীক্ষক পদ আৰু কনিষ্ঠ সহায়কৰ ৭০টা পদ পূৰণ কৰা হ’ব। ইয়াৰে অধীক্ষক পদৰ বাবে প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী বা সমপৰ্যায়ৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব। তদুপৰি কম্পিউটাৰ এপ্লিকেচন আৰু ইণ্টাৰনেটৰ জ্ঞানো প্ৰয়োজনীয়।
একে সময়তে কনিষ্ঠ সহায়ক পদৰ বাবে প্ৰাৰ্থীগৰাকীৰ স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী বা সমপৰ্যায়ৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব। ইফালে অধীক্ষক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ বয়সৰ সৰ্বোচ্চ সীমা ৩০ বছৰ হ’ব। আনহাতে কনিষ্ঠ সহায়কৰ বাবে বয়সৰ সীমা ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগে। অৱশ্যে নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত কিছু শিথিলতা দিয়া হৈছে।
ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া পদ্ধতি অনুসৰণ কৰি এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব-
প্ৰথমে CBSE cbse.gov.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
তাৰ পিছত হোম পেজত উপলব্ধ ‘CBSE Recruitment 2025’ লিংকটোত ক্লিক কৰক।
ইয়াৰ পিছত এটা নতুন পেজ খোল খাব, এই পেজত প্ৰাৰ্থীসকলে পঞ্জীয়নৰ সবিশেষ তথ্য পূৰ কৰিব লাগিব।
এতিয়া submit টেবত ক্লিক কৰক আৰু একাউণ্টত লগইন কৰক।
ইয়াৰ পিছত আবেদন পত্ৰ পূৰণ কৰি মাচুল পৰিশোধ কৰক।
এতিয়া submit টেবত ক্লিক কৰি আবেদন পত্ৰ ডাউনলোড কৰক।
এই পদসমূহৰ বাবে জেনেৰেল, অ’বিচি আৰু EWS শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৮০০ টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে SC/ST/PwBD আৰু প্ৰাক্তন সেনা কৰ্মচাৰী, মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত আবেদন মাচুল ৰেহাই দিয়া হৈছে। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি মাচুল পৰিশোধ কৰিব পাৰিব। অধীক্ষক পদৰ বাবে বাছনি প্ৰক্ৰিয়াত দুটা স্তৰৰ পৰীক্ষা আৰু তাৰ পিছত দক্ষতা পৰীক্ষা অনুষ্ঠিত হ’ব।
টায়াৰ-১ পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত ১:১০ অনুপাতত প্ৰাৰ্থীসকলে টায়াৰ-২ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। একে সময়তে জুনিয়ৰ এচিষ্টেণ্ট পদৰ বাবে বাছনি প্ৰক্ৰিয়াত টায়াৰ-১ পৰীক্ষা আৰু তাৰ পিছত পৰীক্ষাৰ্থীৰ দক্ষতা পৰীক্ষা কৰা হ’ব। টায়াৰ-১ পৰীক্ষাত পোৱা প্ৰদৰ্শনৰ ভিত্তিত পৰীক্ষাৰ্থীক ১:৫ অনুপাতত দক্ষতা পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে চিবিএছইৰ অফিচিয়েল ৱেবছাইট cbse.gov.in চাব পাৰিব।