Central Bank of India Jobs 2025: চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত চাকৰি কৰাৰ সুযোগ, ২৫ জানুৱাৰীৰ পূৰ্বে কৰক আবেদন
Central Bank of India Jobs 2025: চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিভিন্ন পদৰ খালী হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে ২৫ জানুৱাৰীলৈ এই পদৰ বাবে আবেদন কৰিব পাৰিব।
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত কাৰ্যালয় সহায়ক, পৰিচাৰককে আদি কৰি বিভিন্ন পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীয়ে বেংকৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.in ত গৈ নটিফিকেচন পৰীক্ষা কৰিব পাৰিব। ২৫ জানুৱাৰী বা তাৰ পূৰ্বে আবেদনৰ কৰিব লাগিব। প্ৰাৰ্থীসকলে ডাকঘৰৰ জৰিয়তেও আবেদন কৰিব পাৰিব।
এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ফেকাল্টীৰ ১টা, কাৰ্যালয় সহায়কৰ ২টা আৰু পৰিচাৰকৰ ১টা পদ পূৰণ কৰিব লাগিব। এই পদসমূহৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলৰ কি অৰ্হতা থাকিব লাগিব আৰু বাছনি প্ৰক্ৰিয়া কি হ’ব জানক। এই পদসমূহ ঠিকাভিত্তিকভাৱে(Contract) পূৰণ কৰা হ’ব।
Central Bank of India Eligibility Criteria: আবেদনৰ বাবে অৰ্হতা
ফেকাল্টী পদৰ বাবে প্ৰাৰ্থীয়ে গ্ৰাম্য উন্নয়নত এম এ বা এম এছ ডব্লিউ, সমাজবিজ্ঞান, মনোবিজ্ঞান বা কৃষি বিষয়ত বি. Office Assistant পদৰ বাবে কম্পিউটাৰৰ জ্ঞান থকা BSW, BA বা B.Com ডিগ্ৰী থাকিব লাগিব। পৰিচাৰক পদৰ বাবে প্ৰাৰ্থীজনৰ সংশ্লিষ্ট ক্ষেত্ৰত নূন্যতম শিক্ষা থাকিব লাগিব।
Central Bank Vacancy 2025 Selection Process: বাছনি প্ৰক্ৰিয়া
এই নিযুক্তিৰ অধীনত লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ ভিত্তিত আবেদনকাৰীক নিৰ্বাচন কৰা হ’ব। ফেকাল্টী পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৩০ হাজাৰ টকা দৰমহা লাভ কৰিব। কাউন্সিলৰ এফএলচিচিৰ পদৰ বাবে নিৰ্বাচন কেৱল ব্যক্তিগত সাক্ষাৎকাৰৰ ভিত্তিত হ’ব।
Central Bank of India Jobs Application Fee: আবেদন মাচুল কিমান?
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ নিযুক্তিৰ বাবে আবেদন মাচুল ৫০০ টকা, যিটো জেনেৰেল আৰু অ’বিচি শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰা লোৱা হ’ব। অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক আবেদন মাচুলত ৰেহাই দিয়া হৈছে।
CBI Bank Jobs 2025: কেনেকৈ আবেদন কৰিব
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ নিযুক্তিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে অফলাইন মোডত আবেদন কৰিব লাগিব। প্ৰথমে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.in ৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় সকলো নথি-পত্ৰ লগত ৰাখিব। ইয়াৰ পিছত নিৰ্ধাৰিত ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰক।
আবেদন প্ৰেৰণৰ ঠিকনাঃ আঞ্চলিক পৰিচালক/অধ্যক্ষ, স্থানীয় পৰামৰ্শদাতা সমিতি, চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া, আঞ্চলিক কাৰ্যালয়, ১ম মহলা, এ.ডি. টাৱাৰ, বেংক ৰোড, বিজয় চক, গোৰখপুৰ-২৭৩০০১