5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কাইলৈৰ পৰা আৰম্ভ হ’ব UGC NET পৰীক্ষাঃ কি কি নিয়ম মানি চলিব পৰীক্ষাকেন্দ্ৰত, চাওক নিৰ্দেশনা

কাইলৈৰ পৰা আৰম্ভ হ’ব UGC NET ২০২৪ৰ ডিচেম্বৰ অধিবেশন পৰীক্ষা। নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA ই আয়োজন কৰা এই পৰীক্ষা অহা ১৬ জানুৱাৰীলৈকে দেশৰ কেইবাটাও স্থানৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত চিবিটি মোডত অনুষ্ঠিত হ’ব। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে কি কি নিয়ম মানি চলিব লাগিব সেই সম্পৰ্ক ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কে চাওঁ আহক।

কাইলৈৰ পৰা আৰম্ভ হ’ব UGC NET পৰীক্ষাঃ কি কি নিয়ম মানি চলিব পৰীক্ষাকেন্দ্ৰত, চাওক নিৰ্দেশনা
কাইলৈৰ পৰা UGC NET ডিচেম্বৰ পৰীক্ষা (প্ৰতিনিধিত্বমূলক ছবি)
monjit-dutta
Monjit Dutta | Published: 02 Jan 2025 21:38 PM

কাইলৈ, অৰ্থাৎ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব UGC NET ২০২৪ৰ ডিচেম্বৰ অধিবেশন পৰীক্ষা। নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA ই আয়োজন কৰা এই পৰীক্ষা অহা ১৬ জানুৱাৰীলৈকে দেশৰ কেইবাটাও স্থানৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত চিবিটি মোডত অনুষ্ঠিত হ’ব। এইবাৰ UGC NETৰ অধীনত মুঠ ৮৫টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। দুটা শ্বিফ্টত অনলাইন মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা। পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম শ্বিফটত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

আনহাতে দ্বিতীয় শ্বিফটত পৰীক্ষা বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব। ইতিমধ্যে NTA ই এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে। যিসকল প্ৰাৰ্থীয়ে এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই, অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰণ কৰি ডাউনলোড কৰিব পাৰিব।

পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে কি কি নিয়ম মানি চলিব লাগিব সেই সম্পৰ্ক ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে পৰীক্ষা কেন্দ্ৰলৈ চৰকাৰী ফটো পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু পাছপ’ৰ্টৰ ভিতৰত যিকোনো এখনৰ লগতে পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ লগত লৈ যাব লাগিব। এই নথি-পত্ৰসমূহ পৰীক্ষা নকৰাকৈ কোনো পৰীক্ষাৰ্থীক পৰীক্ষা হলত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব।

UGC NET পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ দুঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব। পৰীক্ষাৰ ৩০ মিনিট পূৰ্বে বন্ধ হ’ব পৰীক্ষা কেন্দ্ৰৰ পঞ্জীয়ন ডেস্ক। সকলো প্ৰাৰ্থীয়ে বাধ্যতামূলকভাৱে নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA ই জাৰি কৰা গাইডলাইন মানি চলিব লাগিব।

উল্লেখ্য যে ২০২৪ চনৰ ১১ ডিচেম্বৰ পৰ্যন্ত এই পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া অব্যাহত আছিল। নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA ই বছৰত দুবাৰকৈ UGC NET পৰীক্ষা অনুষ্ঠিত কৰে। প্ৰথম অধিবেশন জুন মাহত আৰু দ্বিতীয়টো ডিচেম্বৰ মাহত আয়োজন কৰা হয়। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট চাব পাৰিব।

Latest News