CISF ত ওলাইছে চাকৰিঃ দশম উত্তীৰ্ণসকলে কেনেকৈ কৰিব আবেদন, জানক…
Job: দশম উত্তীৰ্ণসকলে যদি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো CISF ত ওলাইছে চাকৰি। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।
দশম উত্তীৰ্ণসকলে যদি চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো CISF ত ওলাইছে চাকৰি। CISF য়ে কনিষ্টেবল আৰু চালক পদৰ বাবে যোগ্য – ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। প্ৰাৰ্থীসকলে CISF ৰ অফিচিয়েল ৱেবচাইট cisfrectt.cisf.gov.in ত গৈ এই পদৰ বাবে আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ই ৪ মাৰ্চ ২০২৫ লৈ চলিব। গতিকে এই সময়ৰ ভিতৰত ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব।
এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি CISF য়ে মুঠ ১১২৪ টা খালী পদ পূৰ কৰিব। এই পদসমূহৰ ভিতৰত আছে কনিষ্টবল/ড্ৰাইভাৰৰ ৮৪৫টা আৰু কনিষ্টবল/(ড্ৰাইভাৰ-কম-পাম্প-অপাৰেটৰ) (অৰ্থাৎ অগ্নিনিৰ্বাপক সেৱাৰ বাবে ড্ৰাইভাৰ)ৰ ২৭৯টা পদ। আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স কিমান হ’ব লাগে আৰু বাছনি কেনেকৈ কৰা হ’ব জনাওক।
অৰ্হতা
এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল দশম উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি আবেদনকাৰীৰ বয়স ২১ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰলোকৰ বাবে বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰা হ’ব।
মাচুল
জেনেৰেল, ই ডব্লিউ এছ আৰু অ’ বি চি শিতানৰ প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব ১০০ টকা। আনহাতে অনুসূচিত জাতি আৰু অনুসূচিত জাতি শ্ৰেণীৰ লোকে কোনো মাচুল আদায় দিব নালাগে। মাচুল দিব লগা সকলে অনলাইনৰ যোগেদি মাচুল দিব পাৰিব।
কেনেকৈ কৰিব আবেদন
- যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে CISF ৰ অফিচিয়েল ৱেবচাইট cisfrectt.cisf.gov.in ত যাওক।
- হোমপেজৰ ৰেজিষ্ট্ৰেশ্যন লিংকত ক্লিক কৰক।
- আবেদন পত্ৰ পূৰ কৰক আৰু তথ্যসমূহ প্ৰদান কৰক।
- মাচুল আদায় কৰি চাবমিট কৰক।
যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে অধিক চাবৰ বাবে ক্লিক কৰক – CISF Constable Bharti 2025 Notification
কেনেকৈ হ’ব নিৰ্বাচন
ইয়াক শাৰীৰিক দক্ষতা পৰীক্ষা, শাৰীৰিক মান পৰীক্ষা, লিখিত পৰীক্ষা আৰু নথি পৰীক্ষণৰ জৰিয়তে কৰা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকালৈকে দৰমহা লাভ কৰিব।
অন্য খবৰ পঢ়কঃ NTPC-ত ওলাইছে চাকৰিঃ কেনেকৈ, ক’ত আবেদন কৰিব জানক…