শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CISF job: দশম উত্তীৰ্ণৰ বাবে চাকৰি, ক’ত, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…

CISF job: কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীয়ে কনিষ্টবল/ট্ৰেডছমেন নিযুক্তিৰ বাবে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে নিৰ্ধাৰিত সময়ত ভিতৰত যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন।

CISF job: দশম উত্তীৰ্ণৰ বাবে চাকৰি, ক’ত, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…
চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 Feb 2025 13:31 PM

আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। CISF ত ওলাইছে চাকৰি। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীয়ে কনিষ্টবল/ট্ৰেডছমেন নিযুক্তিৰ বাবে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। বিশেষ কথা এয়াই যে, দশম উত্তীৰ্ণসকলেও এই চাকৰিৰ বাবে আবেদন কৰাৰ সুবিধা লাভ কৰিব। এই নিযুক্তিৰ জৰিয়তে মুঠ ১১৬১টা পদ পূৰ কৰা হ’ব। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ৫ মাৰ্চ, ২০২৫ ৰ পৰা ৩ এপ্ৰিল, ২০২৫ লৈ চলিব।

অৰ্হতা

চিআইএছএফ কনিষ্টবল নিযুক্তিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীজনে দশম শ্ৰেণী (মেট্ৰিক) উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি নিযুক্তিৰ ক্ষেত্ৰত নাপিত, বুট মেকাৰ,দৰ্জী, ৰান্ধনী, কাঠমিস্ত্ৰী, মালিক, পেইণ্টাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান আদিৰ প্ৰশিক্ষণ লোৱা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব। উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰি চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে এয়া এক সুবৰ্ণ সুযোগ।

প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰা হ’ব।অনুসূচিত জাতি/জনজাতিৰ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৫ বছৰৰ শিথিলতা, অবিচিৰ প্ৰাৰ্থীয়ে ৩ বছৰৰ শিথিলতা, আৰু প্ৰাক্তন সেনাবাহিনীয়ে ৩ বছৰৰ শিথিলতা লাভ কৰিব। ইয়াৰ উপৰিও ১৯৮৪ চনৰ দাঙ্গা বা ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক দাঙ্গাত নিহত হোৱা লোকৰ সন্তান আৰু পৰিয়ালৰ সদস্যসকলেও বয়সৰ সীমাত ৫ৰ পৰা ১০ বছৰৰ শিথিলতা লাভ কৰিব।

পদসমূহ

  • কনিষ্টবল/ৰান্ধনীঃ ৪৯৩ টা পদ
  • কনিষ্টবল/মুচিঃ ৯টা পদ
  • কনিষ্টবল/দৰ্জীঃ ২৩টা পদ
  • কনিষ্টবল/নাপিতঃ ১৯৯ পদ
  • কনিষ্টবল/ধোৱাঃ ২৬২ পদ
  • কনিষ্টবল/ছুইপাৰঃ ১৫২ টা পদ
  • কনিষ্টবল/পেইন্টাঃ ২ টা
  • কনিষ্টবল/কাঠমিস্ত্ৰীঃ ৯টা পদ
  • কনিষ্টবল/ইলেক্ট্ৰিচিয়ানঃ ৪ পদ
  • কনিষ্টবল/মালিনীঃ ৪ পদ
  • কনিষ্টবল/ৱেল্ডাৰঃ ১ পদ
  • কনিষ্টবল/চাৰ্জ মেকানিকঃ ১ পদ
  • কনিষ্টবল/এম পি এটেণ্ডেণ্টঃ ২ পদ
  • এই মুঠ পদৰ ভিতৰত ১০৩টা পদ মহিলাৰ বাবে সংৰক্ষিত।

 

কেনেকৈ আবেদন কৰিব আৰু মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ সাধাৰণ (UR), OBC আৰু EWS শিতানৰ প্ৰাৰ্থীয়ে ১০০/- দিব লাগিব। ইয়াৰ বিপৰীতে মহিলা আৰু অন্য সংৰক্ষিত শ্ৰেণীৰ লোকে কোনো আবেদন মাচুল দিব নালাগে।ইচ্ছুক প্ৰাৰ্থীয়ে ২০২৫ চনৰ ৫ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে CISF cisfrectt.cisf.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।

বাচনি প্ৰক্ৰিয়া

এই পদৰ বাবে বাচনি প্ৰক্ৰিয়াত শাৰীৰিক দক্ষতা পৰীক্ষা (পিইটি), শাৰীৰিক মানদণ্ড পৰীক্ষা (পিএছটি), নথিপত্ৰ পৰীক্ষণ, ট্ৰেড টেষ্ট, লিখিত পৰীক্ষা আৰু চিকিৎসা পৰীক্ষা আদি অন্তৰ্ভুক্ত কৰা হ’ব। পৰৱৰ্তী সময়ত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ মীন বিভাগৰ কেইবাটাও পদত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…