5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

CTET 2024 Admit Card : ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব CTET, এডমিট কাৰ্ড কেতিয়া মুকলি হ’ব ? জানক

২০২৪ চনৰ ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব CTET । CTET পৰীক্ষাত দুখন পেপাৰ থাকিব । পুৱা ৯:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পুৱাৰ শ্বিফটত পেপাৰ-২ আৰু দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ পেপাৰ-১ ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পেপাৰ-১ ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আৰু পেপাৰ-২ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব।

CTET 2024 Admit Card : ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব CTET, এডমিট কাৰ্ড কেতিয়া মুকলি হ’ব ? জানক
CTET পৰীক্ষা ২০২৪
manas-borah
Manas Borah | Updated On: 25 Nov 2024 18:01 PM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড অৰ্থাৎ CBSE য়ে অতি সোনকালে কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা অৰ্থাৎ CTET 2024 পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিব। এডমিট কাৰ্ড মুকলি হোৱা লগে লগে পৰীক্ষাৰ্থীসকলে CTET অফিচিয়েল ৱেবছাইট ctet.nic.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। অৱশ্যে এডমিট কাৰ্ড মুকলি কৰাৰ তাৰিখ বা সময় এতিয়ালৈকে ব’ৰ্ডে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

উল্লেখ্য যে, পৰীক্ষাৰ তাৰিখৰ কেইদিনমান আগতে CBSE য়ে CTET ৰ এডমিট কাৰ্ড মুকলি কৰি দিয়ে। কিন্তু এডমিট কাৰ্ড প্ৰদানৰ পূৰ্বে পৰীক্ষাৰ্থীসকলৰ প্ৰতি তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰ ক’ত হ’ব, কোন দিনত আৰু কোন সময়ত পৰীক্ষা অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত জাননী জাৰি কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে।

CTET 2024 Exam: পৰীক্ষাৰ সময়

এইবাৰ ২০২৪ চনৰ ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব CTET । CTET পৰীক্ষাত দুখন পেপাৰ থাকিব । পুৱা ৯:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পুৱাৰ শ্বিফটত পেপাৰ-২ আৰু দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ পেপাৰ-১ ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পেপাৰ-১ ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আৰু পেপাৰ-২ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব। লগতে ইংৰাজী ভাষাত প্রশ্নকাকত প্রস্তুত কৰা হ’ব৷

CTET 2024 Exam Admit Card: এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব?

  • প্ৰথমে অফিচিয়েল ৱেবছাইট ctet.nic.in লৈ যাওক।
  • তাৰ পিছত হোম পেজত দিয়া এডমিট কাৰ্ড ডাউনলোড লিংকটোত ক্লিক কৰক ।
  • ইয়াৰ পিছত এটা নতুন পেজ খোল খাব, য’ত প্ৰয়োজনীয় বিৱৰণ দিব লাগিব ।
  • ইয়াৰ পাছত আপোনাৰ এডমিট কাৰ্ড লাভ কৰিব আৰু এডমিট কাৰ্ডৰ সবিশেষ পৰীক্ষা কৰি ডাউনলোড কৰিব পাৰিব।
  • অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে CTETৰ অফিচিয়েল ৱেবছাইট ctet.nic.in চাব পাৰিব।

Latest News