5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি অনুষ্ঠিত হ’ব CTET: পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত মনত ৰাখক এই নিৰ্দেশনা…

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে আজি দেশৰ বিভিন্ন কেন্দ্ৰত আজি CTET ডিচেম্বৰ ২০২৪ পৰীক্ষা অনুষ্ঠিত কৰিব। ইতিমধ্যে CBSE- এ এই পৰীক্ষাৰ বাবে ১২ ডিচেম্বৰত এডমিট কাৰ্ড মুকলি কৰিছিল। প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ এডমিটৰ লগতে আন কি কি প্ৰয়োজনীয় সামগ্ৰী লগত লৈ যাব লাগিব তথা পৰীক্ষা কেন্দ্ৰত কি নিয়ম মানি চলিব লাগিব, সেই বিষয়ে চাওক।

আজি অনুষ্ঠিত হ’ব CTET: পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত মনত ৰাখক এই নিৰ্দেশনা…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 14 Dec 2024 08:34 AM

আজি অনুষ্ঠিত হ’ব CTET ডিচেম্বৰ ২০২৪ পৰীক্ষা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে আজি দেশৰ বিভিন্ন কেন্দ্ৰত আজি এই পৰীক্ষা অনুষ্ঠিত কৰিব। ইতিমধ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSE- এ এই পৰীক্ষাৰ বাবে ১২ ডিচেম্বৰত এডমিট কাৰ্ড মুকলি কৰিছিল। CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা যিসকল প্ৰাৰ্থীয়ে এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই, তেওঁলোকে অফিচিয়েল ৱেবছাইট ctet.nic.inলৈ গৈ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে এই CTET পৰীক্ষা আজি দুটা শ্বিফ্টত দুখন পেপাৰৰ আধাৰত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্টত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষকৰ যোগ্যতাৰ বাবে পেপাৰ ২ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পুৱা ৯:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ’ব পেপাৰ ২ৰ পৰীক্ষা। আনহাতে শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ শিক্ষকৰ যোগ্যতাৰ বাবে দ্বিতীয় শ্বিফটত পেপাৰ ১ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব পেপাৰ ২ৰ পৰীক্ষা।

এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত কি কি প্ৰয়োজনীয় সামগ্ৰী লগত লৈ যাব লাগিব তথা পৰীক্ষা কেন্দ্ৰত কি নিয়ম মানি চলিব লাগিব, সেই বিষয়ে নিৰ্দেশনা প্ৰদান কৰা হৈছে। পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে চৰকাৰী ফটো পৰিচয় প্ৰমাণপত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড লগত লৈ যাব লাগিব। লগতে দুখন পাছপ’ৰ্ট আকাৰৰ ফটো লৈ যাব লাগিব।

প্ৰাৰ্থীসকলে ইচ্ছা কৰিলে স্বচ্ছ বটলত পানী কঢ়িয়াই নিব পাৰিব। আনহাতে পৰীক্ষাৰ্থীসকলে কেলকুলেটৰ, স্মাৰ্ট ঘড়ী বা ব্লুটুথৰ দৰে কোনো ইলেক্ট্ৰনিক যন্ত্ৰ পৰীক্ষা হললৈ নিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰলৈ যিকোনো ধৰণৰ বেগ, মানিবেগ, লিখিত সামগ্ৰী, অধ্যয়নৰ নোট, গাইড আদি লগত নিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীয়ে চিবিএছইয়ে জাৰি কৰা গাইডলাইনসমূহ পৰীক্ষা কৰিব পাৰিব। উল্লেখ্য যে  প্ৰথম শ্বিফ্টৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে পুৱা ৭:৩০ বজাত কেন্দ্ৰত উপস্থিত হ’ব লাগিব। দ্বিতীয় শ্বিফ্টৰ পৰীক্ষাৰ বাবে দুপৰীয়া ১২:৩০ বজাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব। নিৰ্ধাৰিত সময়তকৈ পলমকৈ অহা পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব।

এই CTET পৰীক্ষাত মুঠ ১৫০ নম্বৰ থাকিব। জেনেৰেল শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কমেও ৬০ শতাংশ অৰ্থাৎ ৯০ নম্বৰ লাভ কৰিব লাগিব। আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু PWD শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ৫৫ শতাংশ অৰ্থাৎ ১৫০ৰ ভিতৰত ৮২ নম্বৰ লাভ কৰিব লাগিব।

Latest News