CTET ডিচেম্বৰৰ ফলাফল ঘোষণাঃ এতিয়াই এইদৰে কৰক পৰীক্ষা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSE- এ ঘোষণা কৰিছে CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ctet.nic.in ত গৈ নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। প্ৰাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ এডমিট কাৰ্ডত উল্লেখ থকা ৰোল নম্বৰৰ সহায়ত ফলাফল চাব পাৰিব।

CTET ডিচেম্বৰৰ ফলাফল ঘোষণাঃ এতিয়াই এইদৰে কৰক পৰীক্ষা

CTETৰ ফলাফল ঘোষণা

Updated On: 

09 Jan 2025 17:30 PM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSE- এ ঘোষণা কৰিছে CTET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ctet.nic.in ত গৈ নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। প্ৰাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ এডমিট কাৰ্ডত উল্লেখ থকা ৰোল নম্বৰৰ সহায়ত ফলাফল চাব পাৰিব। উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰত সমগ্ৰ দেশতে নিৰ্ধাৰিত কেন্দ্ৰসমূহত চিবিটি মোডত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

CTET ডিচেম্বৰ ২০২৪ পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত হৈছিল। প্ৰথম শ্বিফটত পেপাৰ ২ পৰীক্ষা আৰু দ্বিতীয় শ্বিফটত পেপাৰ ১ পৰীক্ষা অনুষ্ঠিত হয়। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষকৰ যোগ্যতাৰ বাবে পেপাৰ ১ আৰু ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষকৰ যোগ্যতাৰ বাবে পেপাৰ ২ৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

ইয়াৰ পিছত যোৱা ১ জানুৱাৰীত অস্থায়ী উত্তৰ তালিকা মুকলি কৰা হৈছিল আৰু ইয়াৰ ওপৰত আপত্তি পঞ্জীয়ন কৰিবলৈ প্ৰাৰ্থীসকলক ৫ জানুৱাৰীলৈকে সময় দিয়া হৈছিল। সেই অনুসাৰে অস্থায়ী উত্তৰ তালিকাত পোৱা আপত্তি নিষ্পত্তি কৰাৰ পিছত ফলাফল ঘোষণা কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে CTET ডিচেম্বৰ ২০২৪ৰ ফলাফল পৰীক্ষা কৰা নাই, তেওঁলোকে তলত দিয়া পদ্ধতি অনুসৰণ কৰি নিজৰ ফলাফল চাব পাৰিব-

প্ৰথমে CTET ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in চাওক।

হোম পেজত CTET December 2024 Result লিংকত ক্লিক কৰক।

এতিয়া ৰোল নম্বৰ দি চাবমিট কৰক।

লগে লগে আপোনাৰ স্ক্ৰীণওত ফলাফল ওলাব।

এতিয়া পৰীক্ষা কৰি এটা প্ৰিন্টআউট লওক।

CTET পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। উল্লেখ্য যে এই পৰীক্ষাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। CTET পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সীমা নাই। যদি কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষাত লাভ কৰা নম্বৰ উন্নত কৰিব বিচাৰে তেন্তে তেওঁ নিজৰ ইচ্ছামতে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। অধিক তথ্যৰ বাবে প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইট চাব পাৰিব।

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?