শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Govt Job: পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব, জানক…

Govt Job: চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। BHEL ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ১ ফেব্ৰুৱাৰীৰ পৰা কৰিব পাৰিব আবেদন।

Govt Job:  পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব, জানক…
চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 28 Jan 2025 08:59 AM

ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড অৰ্থাৎ (BHEL)য়ে অভিযন্তা প্ৰশিক্ষাৰ্থী আৰু তত্বাৱধায়ক প্ৰশিক্ষাৰ্থী পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে কোম্পানীটোৱে ৪০০ টা পদ পূৰণ কৰিব। ইঞ্জিনিয়াৰিং (B.E./B.Tech)ডিগ্ৰী বা ইঞ্জিনিয়াৰিং ডিপ্লোমা লাভ কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ শেষ সময়সীমা ২৮ ফেব্ৰুৱাৰী, ২০২৫।

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ১৫০ টা ট্ৰেইনি ইঞ্জিনিয়াৰ আৰু ২৫০ টা ছুপাৰভাইজাৰ ট্ৰেইনি পদ পূৰণ কৰা হ’ব। যদি আপুনি চৰকাৰী চাকৰি কৰাৰ কথা ভাবিছে তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে কোম্পানীৰ অফিচিয়েল ৱেবচাইট careers.bhel.in ত গৈ অনলাইন আবেদন কৰিব পাৰে।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে কোম্পানীৰ অফিচিয়েল ৱেবচাইট careers.bhel.inত যাওক।
  • হোমপেজৰ আবেদন লিংকত ক্লিক কৰক।
  • আবেদনত প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • প্ৰাৰ্থীৰ ফটো, স্বাক্ষৰ আৰু অন্যান্য তথ্য দাখিল কৰক।
  • আবেদন মাচুল জমা কৰক।
  • চাবমিট কৰি দিয়ক।

ক্লিক কৰকBHEL Recruitment 2025 Official Notification

অৰ্হতা

অভিযন্তা প্ৰশিক্ষাৰ্থী (Engineer Trainee) পদৰ বাবে প্ৰাৰ্থীৰ সম্পৰ্কীয় বিষয়ত ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব। ইয়াৰ লগতে তত্বাৱধায়ক (Supervisor Trainee) পদৰ বাবে প্ৰাৰ্থীৰ সংশ্লিষ্ট বিষয়ত অভিযান্ত্ৰিক ডিপ্লমা (Full Time) থাকিব লাগিব। প্ৰাৰ্থীৰ ডিগ্ৰী বা ডিপ্লমা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ হ’ব লাগিব।

বয়স

প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব। বয়সৰ গণনা ১ ফেব্ৰুৱাৰী, ২০২৫ ৰ আধাৰত কৰা হ’ব।

মাচুল

এই পদৰ আবেদনৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৭৯৫ টকা আবেদন মাচুল জমা কৰিব লাগিব। অৱশ্যে অনুসূচিত জাতি/জনজাতি/পিডব্লিউবিডি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে এই মাচুল ২৯৫ টকা নিৰ্ধাৰণ কৰা হৈছে। আবেদন প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থীয়ে অনলাইন মোডৰ জৰিয়তে মাচুল দিব লাগিব।

কেনেকৈ হ’ব নিৰ্বাচন

এই পদৰ বাচনি ৪টা পৰ্যায়ত হ’ব। প্ৰথমে অনলাইন মোডত কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) অনুষ্ঠিত হ’ব । পাছত নথিপত্ৰ পৰীক্ষণ কৰা হ’ব।তৃতীয় পৰ্যায়ত চিকিৎসা পৰীক্ষা হ’ব আৰু শেষত নিৰ্বাচিত প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে মাতিব। মেধা তালিকাৰ ভিত্তিত পৰীক্ষাৰ্থীৰ চূড়ান্ত নিৰ্বাচন কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ JOB: পৰীক্ষা নিদিয়াকৈ লাভ কৰক অইলত চাকৰি! ক’ত, কেনেকৈ কৰিব আবেদন, জানক…