ওলাইছে চৰকাৰী চাকৰিঃ দৰমহা প্ৰতিমাহে ৮৪,০০০, আজিয়েই কৰক আবেদন…

চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। কিয়নো ওলাইছে চৰকাৰী বিভাগত চাকৰি। ইয়াৰ বাবে আপুনি আজিয়েই কৰিব পাৰিব আবেদন। চাকৰি লাভ কৰাজনে মাহে লাভ কৰিব ৮৪,০০০ দৰমহা।

ওলাইছে চৰকাৰী চাকৰিঃ দৰমহা প্ৰতিমাহে ৮৪,০০০, আজিয়েই কৰক আবেদন...

চাকৰি

Published: 

03 Dec 2024 08:55 AM

পুনৰ ওলাইছে চৰকাৰী চাকৰি। কেইবাটাও পদৰ বাবে চৰকাৰেল বিচাৰি আছে আবেদন। যদি আপুনি চৰকাৰী কোম্পানীত কাম কৰিবলৈ ইচ্ছ্যুক তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডে অৰ্থাৎ ভেইলে এফ টি এ গ্ৰেড II (AUSC) পদৰ বাবে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে BHEL (Bharat Heavy Electricals Ltd) ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব।গতিকে পলম নকৰি আজিয়েই কৰিব পাৰে আবেদন। এই আবেদন প্ৰক্ৰিয়া ৯ ডিচেম্বৰ, ২০২৪ লৈ চলিব। ইয়াৰ পাছত কোনো ধৰণৰ আবেদন গ্ৰহণ কৰা নহয়।

পদ আৰু বয়স

এই নিযুক্তি অভিযানৰ অধীনত ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডৰ মুঠ ৫টা পদ পূৰণ কৰা হ’ব।  এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে ৩৪ বছৰ। গতিকে ৩৪ বছৰ বয়সৰ ভিতৰত যিকোনো ব্যক্তিয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আনহাতে ৩৪ বয়সৰ অধিক বয়সৰ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব। ২০২৪ চনৰ ১ নৱেম্বৰৰ ভিত্তিত প্ৰাৰ্থীসকলৰ বয়স গণনা কৰা হ’ব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক নিয়ম অনুসৰি উচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হ’ব।

যোগ্যতা

এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ নিয়মীয়াকৈ বি.ই./বি.টেক./বি.এছ.চি. অভিযান্ত্ৰিক ডিগ্ৰী থাকিব লাগিব। সকলো বছৰ/ছেমিষ্টাৰতে নূন্যতম সামগ্ৰিক গড় নম্বৰ কমেও ৬০% (বা সমতুল্য চিজিপিএ) হ’ব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ সংশ্লিষ্ট ক্ষেত্ৰত কমেও দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। এই পদসমূহৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব BHEL ৰ দ্বাৰা পৰিচালিত ব্যক্তিগত সাক্ষাৎকাৰৰ জৰিয়তে।

দৰমহা

ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড অৰ্থাৎ BHEL ত FTA Grade II পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৮৪ হাজাৰ টকা দৰমহা লাভ কৰিব। ইয়াৰ পিছত তেওঁলোকৰ দৰমহাও প্ৰতি বছৰে ৪ হাজাৰ টকা বৃদ্ধি কৰা হ’ব।

ইয়াৰ লগতে তেওঁলোকে অন্য সুবিধাও লাভ কৰিব। প্ৰাৰ্থী আৰু তেওঁৰ পৰিয়াল (পত্নী আৰু নিৰ্ভৰশীল সন্তান)ৰ বাবেও ৫ লাখ টকা পৰ্যন্ত মেডিক্লেইম পলিচি উপলব্ধ হ’ব আৰু নিৰ্বাচিত প্ৰাৰ্থীসকলক BHEL ৰ গ্ৰুপ পাৰ্চনেল এক্সিডেণ্ট পলিচি ১৫ লাখ, ২০২০ৰ অধীনতো সামৰি লোৱা হ’ব। অধিক তথ্যৰ বাবে https://bhel.com/ ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ নিয়মীয়াকৰণ হ’ব ৪৬৬৯ শিক্ষকৰ পদ: কি চৰ্ত বান্ধি দিলে চৰকাৰে,

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...