ওলাইছে চৰকাৰী চাকৰি! দৰমহা ৬০,০০০ৰো অধিক, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…
চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো BHU ত ওলাইছে চৰকাৰী চাকৰি। ইয়াৰ বাবে প্ৰাৰ্থীয়ে ৬০,০০০ পৰ্যন্ত দৰমহা লাভ কৰিব। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ বনাৰছ হিন্দু বিশ্ববিদ্যালয় (BHU)য়ে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বিশ্ববিদ্যালয়খনে গ্ৰুপ চি পদত নিযুক্তি প্ৰদান কৰিব। ইয়াৰ অধীনত বিশ্ববিদ্যালয়খনে ১৯৯ টা পদ পূৰণ কৰিব। গতিকে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে BHU ৰ অফিচটিয়েল ৱেবচাইট bhu.ac.in ত গৈ অনলাইন আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে, আৰু আবেদনৰ শেষ তাৰিখ ২২ এপ্ৰিল, ২০২৫।
অৰ্হতা
এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা দ্বিতীয় বিভাগৰ সৈতে স্নাতক ডিগ্ৰী থাকিব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীগৰাকীৰ অফিচ অটোমেচন, বুক কিপিং আৰু ৱৰ্ড প্ৰচেছিঙৰ কমেও ছমাহৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। ইয়াৰ বাহিৰেও পৰীক্ষাৰ্থীৰ টাইপিং স্পীড ইংৰাজীত প্ৰতি মিনিটত ৩০ শব্দ বা হিন্দীত প্ৰতি মিনিটত ২৫ শব্দ হ’ব লাগে।
বয়সঃ আবেদনৰ বয়সৰ সীমা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১৮ বছৰৰ পৰা ৩০ বছৰ আৰু অ’বিচিৰ প্ৰাৰ্থীৰ বাবে ১৮ বছৰৰ পৰা ৩৩ বছৰ। অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বয়সৰ সীমা ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব।
মাচুল
নিযুক্তিৰ বাবে আবেদন কৰিবলৈ জেনেৰেল, অ’বিচি আৰু ইডব্লিউএছ প্ৰাৰ্থীসকলে মাচুল ৫০০ টকা দিব লাগিব। ইয়াৰ বিপৰীতে SC/ST/PwBD আৰু মহিলা প্ৰাৰ্থীয়ে কোনো মাচুল দিব নালাগে। প্ৰাৰ্থীয়ে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইউপিআই আদিৰে অনলাইনৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব।
কেনেকৈ নিৰ্বাচন কৰিব
BHU ৰ পদত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে তিনিটা প্ৰক্ৰিয়া পূৰ কৰিব লাগিব। ইয়াৰ প্ৰথম পৰ্যায় লিখিত পৰীক্ষা, এই পৰীক্ষা পৰীক্ষাৰ্থীৰ সাধাৰণ জ্ঞান, গাণিতিক ক্ষমতা, ইংৰাজী আৰু আনুষংগিক বিষয়ত দক্ষতাৰ ওপৰত ভিত্তি কৰি কৰা হ’ব। দ্বিতীয় পৰ্যায়ত কম্পিউটাৰ দক্ষতা পৰীক্ষা হ’ব য’ত এম এছ অফিচ (ৱৰ্ড, এক্সেল, পাৱাৰপইণ্ট) আৰু অন্যান্য প্ৰয়োজনীয় কম্পিউটাৰ দক্ষতাৰ মূল্যায়ন কৰা হ’ব। ইয়াৰ পিছত যোগ্যতাৰ ভিত্তিত তালিকাখন প্ৰকাশ কৰা হ’ব। এই পদৰ বাবে নিৰ্বাচিত হোৱা প্ৰাৰ্থীয়ে ৬০,০০০ পৰ্যন্ত দৰমহা লাভ কৰিব।
কেনেকৈ আবেদন কৰিব
প্ৰাৰ্থীয়ে BHUৰ অফিচিয়েল ৱেবচাইট bhu.ac.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই চাইটত আপুনি আবেদন লিংক লাভ কৰিব। BHU ত চাকৰি লাভ কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে এই নিযুক্তি এক সোণালী সুযোগ। প্ৰাৰ্থীসকলক আবেদন কৰাৰ পূৰ্বে সকলো যোগ্যতা আৰু বাছনি প্ৰক্ৰিয়া ভালদৰে বুজিবলৈ পৰামৰ্শ দিয়া হৈছে।
অন্য খবৰ পঢ়কঃ লিখিত পৰীক্ষা নিদিয়াকৈ ডাক বিভাগত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…