FCI ত ওলাইছে চৰকাৰী চাকৰি! কেনেকৈ কৰিব আবেদন, জানক কেতিয়ালৈ আছে সময়…

GOVT job: আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে ওলাইছে চৰকাৰী চাকৰি। এই চাকৰি পাবলৈ আপুনি ১৫ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। তথ্য অনুসৰি এই চাকৰিৰ দৰমহা হ'ব মাহে ৮০,০০০।

FCI ত ওলাইছে চৰকাৰী চাকৰি! কেনেকৈ কৰিব আবেদন, জানক কেতিয়ালৈ আছে সময়...

চাকৰি

Published: 

27 Nov 2024 11:34 AM

আপুনিও বিচাৰি আছে নেকি চৰকাৰী চাকৰি? তেন্তে এই খবৰ আপোনাৰ বাবে! কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। প্ৰতিমাহে চৰকাৰৰ কোনো নহয় কোনো বিভাগত চাকৰি ওলায়। কিন্তু বহুতে ইয়াৰ বিষয়ে অৱগত নাথাকে যাৰ বাবে চাকৰি লাভৰ সুযোগ হেৰুৱায়। এইবাৰো ওলাইছে নতুন চাকৰি। ভাৰতীয় খাদ্য নিগম অৰ্থাৎ এফ চি আইত আছে খালী পদ। এই পদ ভৰ্তি কৰাৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষই। যদি আপুনিও FCI ত চাকৰি পাবলৈ আগ্ৰহী তেন্তে অতি সোনকালে আবেদন কৰিব পাৰে।

বৰ্তমান এপ্লিকেচন উইণ্ড’ খোলা আছে, যি ১৫ ডিচেম্বৰত বন্ধ হ’ব। গতিকে ইয়াৰ আগতে যোগ্য প্ৰাৰ্থীসকলে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। তাৰ পাছত আৰু প্ৰাৰ্থীসকলৰ আবেদন গ্ৰহণ কৰা নহয়। এই নিযুক্তি অভিযানৰ অধীনত ভাৰতীয় খাদ্য নিগমৰ সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়া (জিডিএমঅ’) পদৰ বাবে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। মুঠ নিযুক্তি ৬টা পদত হ’ব।

কোনে কৰিব পাৰিব আবেদন

এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ MBBS ডিগ্ৰী থাকিব লাগিব আৰু এই নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ সৰ্বোচ্চ বয়স ৬৮ বছৰ হ’ব লাগিব। ইয়াতকৈ বয়সৰ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব আৰু যদি আবেদন কৰে তেন্তে তেওঁলোকৰ আবেদন নাকচ কৰা হ’ব।

ভাৰতীয় খাদ্য নিগমৰ সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়া (জিডিএমঅ’)ৰ এই পদসমূহৰ বাবে কোনো লিখিত পৰীক্ষা অবিহনে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে প্ৰত্যক্ষ সাক্ষাৎকাৰ দিব লাগিব আৰু তাৰ ভিত্তিত তেওঁলোকক নিৰ্বাচিত কৰা হ’ব। গতিকে কোনো দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে নগৈ অতি সহজে যোগ্য প্ৰাৰ্থীয়ে এই চাকৰি লাভ কৰিব।

কেনেকৈ কৰিব আবেদন

ভাৰতীয় খাদ্য নিগমত এই চাকৰিসমূহৰ বাবে প্ৰাৰ্থীয়ে অফলাইনত আবেদন কৰিব লাগিব। প্ৰাৰ্থীয়ে আবেদন পত্ৰ পূৰণ কৰি প্ৰাসংগিক নথি-পত্ৰৰ সৈতে স্পীড পোষ্টৰ জৰিয়তে ‘ডেপুটি জেনেৰেল মেনেজাৰ (প্ৰতিষ্ঠা-I), ভাৰতীয় খাদ্য নিগম, ১৬-২০, বাৰাখাম্বা লেন, নতুন দিল্লী- ১১০০০১’লৈ প্ৰেৰণ কৰিব লাগিব।

দৰমহা

চৰকাৰী অধিসূচনা অনুসৰি ভাৰতীয় খাদ্য নিগমৰ সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়া (জিডিএমঅ’) এই পদসমূহৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰতিমাহে ৮০ হাজাৰ টকা দৰমহা দিয়া হ’ব।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...