ওলাইছে চৰকাৰী চাকৰি! জানক ক’ত কেনেকৈ কৰিব আবেদন…
যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে! চৰকাৰৰ কেইবাটা বিভাগত ওলাইছে চাকৰি। ইয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষই যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। গতিকে নতুন বছৰত আপোনালৈ আহিব পাৰে ভাল খবৰ।
আহি আছে নতুন বছৰ,ইযাৰ পূৰ্বে আপোনাৰ বাবে আছে এক ভাল খবৰ। যদি আপুনি নতুন বছৰত চৰকাৰী চাকৰি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো চৰকাৰী বিভাগৰ কেইবাটাও পদৰ বাবে বিভাগীয় কৰ্তৃপক্ষই আবেদন বিচাৰিছে। যোগ্য প্ৰাৰ্থীসকলে ডিচেম্বৰ মাহৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত এই পদৰ বাবে আবেদন কৰিব পাৰিব।
বায়ুসেনা
যদি আপুনি বায়ুসেনাত যোগদানৰ প্ৰস্তুতি চলাই আছে তেন্তে আপোনাৰ বাবে আহিছে এক ডাঙৰ সুযোগ। ভাৰতীয় বায়ুসেনাত যোগদান কৰিব বিচৰা যুৱক-যুৱতীসকলে শীঘ্ৰেই কৰিব পাৰে আবেদন। ইতিমধ্যে ইয়াৰ বাবে AFCAT Recruitment Notification 2025 (AFCAT 2025) মুকলি হৈছে। বায়ু সেনাৰ পদৰ বাবে আজি অৰ্থাৎ ২ ডিচেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ অন্তিম তাৰিক ৩১ ডিচেম্বৰ,২০২৪।
ইয়াৰ বাবে প্ৰাৰ্থী Physics Mathematics/B.E/B.Tech course/Bachelor degree/B.Com ৰ সৈতে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীৰ বয়স ২০ৰ পৰা ২৬ বছৰলৈ হ’ব লাগিব। প্ৰতিটো পদৰ বয়সৰ সীমা বেলেগ বেলেগ। অধিক জানিবলৈ ইযাৰ বিভাগীয় ৱেবচাইত চাব পাৰে।
ৰেলৱে
যদি আপুনি দশম শ্ৰেণী উত্তীৰ্ণ আৰু চাকৰি বিচাৰি আছে তেন্তে ৰেলৱেত ওলাইছে চাকৰি। ইয়াৰ বাবে আপুনি আৰ আৰ চি দক্ষিণ-পূব ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in আৰু iroams.com/RRCSER24/ ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি পৰীক্ষাৰ জৰিয়তে ৰেলৱে মুঠ ১৭৮৫ টা এপ্ৰেণ্টিছ পদ পূৰণ কৰিব। এই পদৰ বাবে আবেদনৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই ২৭ ডিচেম্বৰ, ২০২৪ লৈ চলিব।
ITBP
ইয়াৰোপৰি ITBP অৰ্থাৎ ভাৰত তিব্বত সীমান্ত আৰক্ষীত ওলাইছে চাকৰি। ITBP য়ে ৫০০ ৰো অধিক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন বিচাৰিছে। ITBP য়ে উপ- পৰিদৰ্শক, হেড কনিষ্টবল, কনিষ্টবল (টেলিকমিউনিকেশ্যনছ) পদৰ বাবে আবেদনৰ আহ্বান জনাইছে। যদি আপুনি ITBP ত চাকৰি বিচাৰিছে তেন্তে ১৪ ডিচেম্বৰ,২০২৪ লৈকে আবেদন কৰিব পাৰিব। বৰ্তমান সময়ত ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি আছে।অধিক জানিবলৈ ইযাৰ বিভাগীয় ৱেবচাইত চাব পাৰে।
চিকিৎসা ক্ষেত্ৰ
যদি আপুনি চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত তেন্তে আপোনাৰ বাবেও আছে ভাল খবৰ। কিয়নো গুজৰাট চিকিৎসা বিভাগে ২৮০০ তকৈ অধিক পদৰ বাবে আবেদন বিচাৰিছে। ইয়াত মেডিকেল অফিচাৰ, টিউটৰ, ৰেডিঅ’লজিকে ধৰি বহু গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হ’ব। এই পদৰ আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ, ২০২৪।অধিক জানিবলৈ ইযাৰ বিভাগীয় ৱেবচাইত চাব পাৰে।
ভাৰতীয় উপকূলৰক্ষী বাহিনী
ভাৰতীয় উপকূলৰক্ষী বাহিনীত যোগদান কৰিব বিচৰাসকলৰ বাবেও আছে ভাল খবৰ। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সহকাৰী কমাণ্ডেন্ট জি ডি, টেকনিকেল মেকানিকেল, টেকনিকেল ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিকছ আদি পদৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ আবেদনৰ অন্তিম তাৰিখ ২৪,২০২৪। অধিক জানিবলৈ ইযাৰ বিভাগীয় ৱেবচাইত চাব পাৰে। গতিকে যোগ্যতাৰ ভিত্তিত নিৰ্ধাৰিত তাৰিখৰ ভিতৰক চাকৰিৰ বাবে আবেদন কৰিব পাৰে।