5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসম দক্ষতা বিশ্ববিদ্যালয়ত ওলাইছে চাকৰিঃ এতিয়াই কৰক আবেদন, চাওক সবিশেষ

অসম দক্ষতা বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি। মুঠ ১৬টা প্ৰশাসনিক পদৰ নিযুক্তিৰ বাবে বিশ্ববিদ্যালয়খনে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে ইয়াৰে কিছু সংখ্যক পদ নিয়মীয়া হোৱাৰ বিপৰীতে আন কেইটামান পদ ঠিকাভিত্তিক আৰু নিৰ্দিষ্ট ম্যাদ ভিত্তিক হ’ব। এই বিষয়ে বিতং তথ্য চাওঁ আহক।

অসম দক্ষতা বিশ্ববিদ্যালয়ত ওলাইছে চাকৰিঃ এতিয়াই কৰক আবেদন, চাওক সবিশেষ
অসম দক্ষতা বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি
monjit-dutta
Monjit Dutta | Updated On: 29 Nov 2024 15:44 PM

অসম চৰকাৰে অসম দক্ষতা বিশ্ববিদ্যালয় আইন, ২০২০ৰ অধীনত প্ৰতিষ্ঠা কৰা অসম দক্ষতা বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি। মুঠ ১৬টা প্ৰশাসনিক পদৰ নিযুক্তিৰ বাবে বিশ্ববিদ্যালয়খনে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে ইয়াৰে কিছু সংখ্যক পদ নিয়মীয়া হোৱাৰ বিপৰীতে আন কেইটামান পদ ঠিকাভিত্তিক আৰু নিৰ্দিষ্ট ম্যাদ ভিত্তিক হ’ব। ইতিমধ্যে অসম দক্ষতা বিশ্ববিদ্যালয়ে এক জাননী যোগে এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰদান কৰিছে। এই বিষয়ে বিতং তথ্য চাওঁ আহক-

প্ৰকাশিত জাননী অনুসৰি বিশ্ববিদ্যালয়খনত পৰীক্ষা নিয়ন্ত্ৰক, বিত্ত আৰু একাউণ্ট বিষয়া, সহকাৰী পঞ্জীয়ক, পি এছ টু ভিচি, সঞ্চালক (উদ্যোগৰ নিয়োগ আৰু প্ৰসাৰ), যৌথ সঞ্চালক (নিয়োগ), যৌথ সঞ্চালক (কমিউনিটি, প্ৰসাৰ আৰু জনসংযোগ), সহকাৰী সঞ্চালক (নিয়োগ), সহকাৰী সঞ্চালক (কমিউনিটি, প্ৰসাৰ আৰু জনসংযোগ), সহকাৰী প্ৰগ্ৰেমাৰ, একাউণ্ট সহায়ক, জুনিয়ৰ এচিচটেণ্ট পদত নিয়োগ কৰা হ’ব।

ইয়াৰে জুনিয়ৰ এচিচটেণ্টৰ বাবে ৫টা পদ মুকলি কৰাৰ বিপৰীতে আনকেইটা পদত ১টাকৈ পদ মুকলি কৰা হৈছে। এই পদসমূহৰ বাবে আবেদনৰ অন্তিম তাৰিখ হ’ব ১৮ ডিচেম্বৰ। প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন প্ৰয়োজনীয় প্ৰ-পত্ৰৰ সৈতে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰে। ইয়াৰ পিছত আবেদনকাৰীয়ে আবেদনৰ ফৰ্মেটৰ চফ্ট কপি সকলো প্ৰাসংগিক নথিপত্ৰৰ সৈতে এটা পিডিএফ ফাইলত ‘careers@asu.ac.in’ত জমা দিব লাগিব।

এই পদসমূহৰ বাবে আবেদন মাচুলৰ বিৱৰণো জাননীত উল্লেখ কৰা হৈছে। সেই অনুসৰি পৰীক্ষা নিয়ন্ত্ৰক, বিত্ত আৰু একাউণ্ট বিষয়া, সহকাৰী পঞ্জীয়ক, পি এছ টু ভিচি, সঞ্চালক (উদ্যোগৰ নিয়োগ আৰু প্ৰসাৰ), যৌথ সঞ্চালক (নিয়োগ), যৌথ সঞ্চালক (কমিউনিটি, প্ৰসাৰ আৰু জনসংযোগ), সহকাৰী সঞ্চালক (নিয়োগ) পদৰ বাবে জেনেৰেল আৰু অ’বিচি / এমঅ’বিচি প্ৰাৰ্থীসকলে ১৫০০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

আনহাতে এছচি , এছটি(পি), এছটি(এইচ), এক্স-চাৰ্ভিচ (পুৰুষ আৰু মহিলা) আৰু ই ডব্লিউ এছ প্ৰাৰ্থীসকলে উক্ত পদসমূহৰ বাবে ৭৫০ টকা মাচুল দিব লাগিব। অৱশ্যে পি ডব্লিউ ডি প্ৰাৰ্থীসকলে দিব নালাগে মাচুল। একেদৰে সহকাৰী সঞ্চালক (কমিউনিটি, প্ৰসাৰ আৰু জনসংযোগ), সহকাৰী প্ৰগ্ৰেমাৰ, একাউণ্ট সহায়ক, জুনিয়ৰ এচিচটেণ্ট পদৰ বাবে জেনেৰেল আৰু অ’বিচি / এমঅ’বিচি প্ৰাৰ্থীসকলে ৫০০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

ইয়াৰ বিপৰীতে এছচি , এছটি(পি), এছটি(এইচ), এক্স-চাৰ্ভিচ (পুৰুষ আৰু মহিলা) ই ডব্লিউ এছ প্ৰাৰ্থীসকলে ২৫০ টকা পৰিশোধ কৰিব লাগিব। পি ডব্লিউ ডি প্ৰাৰ্থীৰ বাবে আবেদন বিনামূলীয়া হ’ব। আবেদনকাৰীয়ে আবেদনৰ হাৰ্ড কপিৰ সৈতে পেমেণ্টৰ ই-জেনেৰেটেড ৰচিদৰ কপি জমা দিব লাগিব। অন্যথা আবেদন বিবেচনা কৰা নহ’ব।

এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে সবিশেষ তথ্যৰ বাবে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবচাইট asu.ac.in চাব পাৰে। আনহাতে নিযুক্তি জাননী এই লিংকত ক্লিক কৰি চাব পাৰে।

Latest News