সুখবৰ! ওলাইছে চাকৰি, ৩ ডিচেম্বৰলৈকে পাব আবেদনৰ সময়ঃ এতিয়াই কৰক আবেদন…
চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীৰ বাবে এক সুখবৰ। নিযুক্তিৰ বাবে মুকলি হৈছে ২৫৩টা পদ। এই পদসমূহৰ বাবে আবেদন কৰি আপুনিও লাভ কৰিব পাৰে নিযুক্তি। যিসকল ইচ্ছুক যুৱক-যুৱতীয়ে বেংকত চাকৰি কৰাৰ ইচ্ছা পুহি ৰাখিছে, তেওঁলোকে ৩ ডিচেম্বৰৰ ভিতৰত এই পদসমূহৰ বাবে আবেদন কৰিব লাগিব।
চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ বাবে সুখবৰ, ওলাইছে নিয়োগৰ সুযোগ। এই পদসমূহৰ বাবে আবেদন কৰি আপুনিও লাভ কৰিব পাৰে নিযুক্তি। অৱশ্যে বেংকতহে ওলাইছে এই পদসমূহ। গতিকে বেংকত চাকৰি কৰাৰ আশা পুহি ৰখা যুৱক-যুৱতীসকলে নিশ্চিতভাৱে এই সুযোগ গ্ৰহণ কৰিব পাৰিব। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ বিভিন্ন বিভাগৰ মেনেজাৰ পদত নিযুক্তিৰ বাবে বহুকেইটা পদ মুকলি কৰা হৈছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.in ত গৈ আবেদন কৰিব পাৰিব।
চৰকাৰী জাননী অনুসৰি আবেদনৰ অন্তিম তাৰিখ ৩ ডিচেম্বৰ। অৰ্থাৎ যিসকল ইচ্ছুক যুৱক-যুৱতীয়ে বেংকত চাকৰি কৰাৰ ইচ্ছা পুহি ৰাখিছে, তেওঁলোকে ৩ ডিচেম্বৰৰ ভিতৰত এই পদসমূহৰ বাবে আবেদন কৰিব লাগিব। এই পদসমূহৰ বাবে অনলাইন পৰীক্ষা ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব। আনহাতে অহা বৰ্ষৰ জানুৱাৰী মাহত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মুঠ ২৫৩টা মেনেজাৰ পদ পূৰণ কৰা হ’ব।
এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিব চাওক-
প্ৰথমে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.inলৈ যাওক।
ইয়াৰ পিছত Recruitment টেবত গৈ ‘Central Bank of India Manager Recruitment’ ত ক্লিক কৰক।
আবেদন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় হোৱা সকলো সবিশেষ তথ্য সঠিকভাৱে পূৰণ কৰক।
এতিয়া আবেদন মাচুল জমা কৰক।
ইয়াৰ পিছত এই আবেদন পত্ৰ চাবমিট কৰিব পাৰিব।
এই আবেদন পত্ৰ ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে প্ৰিন্টআউট কৰি উলিয়াই লওক।
চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ এই পদসমূহৰ বাবে আবেদন কৰিবলৈ অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), PWBD শ্ৰেণীৰ প্ৰাৰ্থী আৰু মহিলাসকলে ১৭৫ টকা আবেদন মাচুল দিব লাগিব। আনহাতে অ’বিচি, জেনেৰেল শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৮৫০ টকা আবেদন মাচুল দিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, আই এম পি এছ বা কেছ কাৰ্ড/মোবাইল ৱালেটৰ জৰিয়তে মাচুল পৰিশোধ কৰিব পাৰিব।
এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলক অনলাইন পৰীক্ষা আৰু ব্যক্তিগত সাক্ষাৎকাৰ ৰাউণ্ডৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। একে সময়তে ডেভেলপাৰ পদৰ বাবে পৰীক্ষাত অনলাইন ক’ডিং টেষ্ট হ’ব। আনহাতে বাকী সকলো পদৰ বাবে বহু বিকল্পী প্ৰশ্নৰ ওপৰত ভিত্তি কৰি পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ সময় হ’ব দুঘণ্টা আৰু পৰীক্ষাত মুঠ ৫০টা প্ৰশ্ন থাকিব। অৱশ্যে পৰীক্ষাত কোনো ধৰণৰ ঋণাত্মক নম্বৰ নাথাকে।