কেন্দ্ৰীয় চাকৰিৰ এই পদসমূহৰ বাবে কাইলৈ আবেদনৰ অন্তিম দিনঃ এতিয়াই কৰক আবেদন
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে মুকলি কৰিছিল অধীক্ষক আৰু কনিষ্ঠ সহায়ক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া অব্যাহত আছে। অৱশ্যে কাইলৈ এই আবেদন প্ৰক্ৰিয়াৰ সময়সীমা অন্ত পৰিব। এনে পৰিস্থিতিত যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এতিয়াও এই পদসমূহৰ বাবে আবেদন কৰা নাই, তেওঁলোকে CBSEৰ অফিচিয়েল ৱেবছাইট cbse.gov.inত গৈ আবেদন কৰিব পাৰিব।
চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰত্যাশা অধিকাংশ লোকৰে থাকে। চাকৰি লাভৰ বাবে সেয়ে বৰ্তমান সময়ত অধিকাংশ যুৱক-যুৱতীয়ে চলাই আছে প্ৰস্তুতি। এই চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ এক প্ৰয়োজনীয় খবৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে মুকলি কৰিছিল অধীক্ষক আৰু কনিষ্ঠ সহায়ক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া অব্যাহত আছে। অৱশ্যে কাইলৈ এই আবেদন প্ৰক্ৰিয়াৰ সময়সীমা অন্ত পৰিব। এনে পৰিস্থিতিত যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এতিয়াও এই পদসমূহৰ বাবে আবেদন কৰা নাই, তেওঁলোকে CBSEৰ অফিচিয়েল ৱেবছাইট cbse.gov.inত গৈ আবেদন কৰিব পাৰিব।
এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ২১২টা পদত নিযুক্তি প্ৰদান কৰা হ’ব। এই পদসমূহৰ ভিতৰত আছে ১৪২ গৰাকী অধীক্ষক আৰু ৭০ গৰাকী কনিষ্ঠ সহায়কৰ পদ। ইচ্ছুক প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিষয়ত ডিগ্ৰী, ডিপ্লমা বা সমপৰ্যায়ৰ অৰ্হতা লাভ কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰাৰ্থীজনৰ নিজ নিজ পদৰ বাবে প্ৰয়োজনীয় কাৰিকৰী বা নিৰ্দিষ্ট অভিজ্ঞতা আৰু দক্ষতা থাকিব লাগিব।
প্ৰাৰ্থীৰ অৰ্হতা সম্পৰ্কে অধিক তথ্যৰ বাবে CBSE- এ প্ৰকাশ কৰা অধিসূচনা পৰীক্ষা কৰিব পাৰে। আনহাতে অধীক্ষক পদৰ বাবে প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়স ৩০ বছৰ হ’ব লাগিব। একেদৰে কনিষ্ঠ সহায়ক পদৰ বাবে প্ৰাৰ্থীৰ নূন্যতম বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ বয়স ২৭ বছৰ হ’ব লাগে। অৱশ্যে সাংবিধানিক নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ (SC, ST, OBC) প্ৰাৰ্থীৰ ক্ষেত্ৰত আবেদনৰ বাবে বয়সৰ শিথিলতা প্ৰদান কৰা হৈছে।
ইফালে জেনেৰেল, OBC আৰু EWS শ্ৰেণীৰৰ প্ৰাৰ্থীয়ে আবেদন মাচুল হিচাপে ৮০০ টকা পৰিশোধ কৰিব লাগিব। একে সময়তে অনুসূচিত জাতি, অনুসূচিত জাতি, PwD, মহিলা প্ৰাৰ্থী আৰু বিভাগীয় কৰ্মচাৰীসকলে আবেদনৰ সময়ত কোনো আবেদন মাচুল পৰিশোধ কৰিব নালাগে। প্ৰাৰ্থীসকলে অনলাইন মোড (ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং)ৰ জৰিয়তে আবেদন মাচুল জমা কৰিব পাৰিব।
ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব-
প্ৰথমে CBSEঅফিচিয়েল ৱেবছাইট cbse.gov.in লৈ যাওক।
হোমপেজত থকা “Apply for Superintendent and Junior Assistant Posts” লিংকত ক্লিক কৰক।
এতিয়া এই পদসমূহৰ বাবে পঞ্জীয়ন কৰি আৰু নিজা একাউণ্ট সৃষ্টি কৰক।
আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় সকলো নথি-পত্ৰ আপলোড কৰক।
অনলাইন মোড (ডেবিট/ক্ৰেডিট কাৰ্ড, নেট বেংকিং)ৰ জৰিয়তে আবেদন মাচুল পৰিশোধ কৰক।
এতিয়া আবেদন পত্ৰ চাবমিট কৰক।
ভৱিষ্যতে ব্যৱহাৰৰ বাবে এই আবেদনৰ প্ৰ-পত্ৰখনৰ প্ৰিন্টআউট কৰা উচিত হ’ব।
উল্লেখ্য যে এই পদসমূহৰ বাবে যোগ্য প্ৰাৰ্থীসকলক লিখিত পৰীক্ষা, সাক্ষাৎকাৰ আৰু নথি পৰীক্ষণৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। লিখিত পৰীক্ষাত সফল পৰীক্ষাৰ্থীসকলে সাক্ষাৎকাৰৰ বাবে যোগ্যতা লাভ কৰিব। অৱশ্যে লিখিত পৰীক্ষাৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।