চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰঃ CISFত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন | Govt jobs CISF constable recruitment apply from 31 august see details Assam news - Assam Tv9

চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰঃ CISFত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন

Published: 

26 Aug 2024 14:56 PM

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ CISF- এ কনিষ্টবল পদত নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলেও এই চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। অহা ৩১ আগষ্টৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ৩০ ছেপ্টেম্বৰলৈকে ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰঃ CISFত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন

CISFত ওলাইছে চাকৰি

Follow Us On

চৰকাৰী চাকৰিৰ বাবে প্ৰচেষ্টা চলাই থকা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। বিশেষকৈ সৈন্য বাহিনীত নিযুক্তি লাভৰ স্বপ্ন দেখা চাকৰি প্ৰত্যাশী সকলৰ বাবে এই খবৰ যথেষ্ট গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ CISF- এ কনিষ্টবল পদত নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলেও এই চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। অহা ৩১ আগষ্টৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ৩০ ছেপ্টেম্বৰলৈকে ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীসকলে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ CISF- ৰ অফিচিয়েল ৱেবছাইট cisfrectt.cisf.gov.in ত এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় সুৰক্ষা বাহিনীটোৱে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি মুঠ ১১৩০টা কনিষ্টবল পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। ইতিমধ্যে জাৰি কৰা নিযুক্তি বিজ্ঞাপন অনুসৰি নিৰ্ধাৰিত তাৰিখৰ পৰা নিয়ম অনুসৰি এই পদসমূহৰ বাবে প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব।

ইচ্ছুক আবেদনকাৰীসকলৰ যোগ্যতা আৰু আন আনুসঙ্গিক দিশসমূহৰ বিষয়েও এই বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে। CISF কনিষ্টবল পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে। সৰ্বোচ্চ বয়সৰ সীমাত অ’বিচি শ্ৰেণীৰ আবেদনকাৰীক ৩ বছৰ, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীক ৫ বছৰৰ ৰেহাই প্ৰদান কৰা হৈছে।

এই পদসমূহৰ বাবে আবেদন মাচুল ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST)ৰ অন্তৰ্গত আবেদনকাৰীসকলক আবেদন মাচুল আদায় দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। আবেদনকাৰী প্ৰাৰ্থীসকলে নেট বেংকিঙৰ জৰিয়তে, ডেবিট বা ক্ৰেডিট কাৰ্ড আৰু ইউপিআই ব্যৱহাৰ কৰি আবেদন মাচুল জমা কৰিব পাৰিব।

প্ৰাৰ্থীসকলে CISFৰ কনিষ্টবল নিযুক্তিৰ বাবে কিদৰে আবেদন কৰিব পাৰিব চাওঁ আহক-

CISFৰ অফিচিয়েল ৱেবছাইট cisfrectt.cisf.gov.in চাওক।

এতিয়া হোম পেজত থকা লগইন টেবত ক্লিক কৰক।

ইয়াৰ পিছতে নিৰ্ধাৰিত তথ্য পূৰ কৰি পঞ্জীয়ন কৰক।

নথি-পত্ৰ আপলোড কৰি মাচুল পৰিশোধ কৰাৰ পিছত চাবমিট টেবত ক্লিক কৰক।

উল্লেখ্য যে কনিষ্টবল পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলক লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা / শাৰীৰিক মানদণ্ড পৰীক্ষা (পিএছটি) আৰু নথি পৰীক্ষণৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। লিখিত পৰীক্ষাত চিবিটি মোডত মুঠ ১০০ নম্বৰৰ প্ৰশ্ন আহিব। পৰীক্ষাত মুঠ ১০০টা বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন কৰা হ’ব। পৰীক্ষাৰ্থীসকলৰ বাবে আন এক সুখবৰ যে পৰীক্ষাত কোনো ঋণাত্মক নম্বৰৰ ব্যৱস্থা নাই।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version