IRCTC Recruitment: নিযুক্তিৰ সুযোগ, ৰে’লৱেত ওলাইছে চাকৰিঃ হাতত আছে সময়, এতিয়াই কৰক আবেদন
ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যনে (IRCTC) হস্পিটেলিটি মনিটৰৰ পদবীৰ খালী পদ মুকলি কৰিছে। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা ৪ মাৰ্চত আবেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব। গতিকে ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে IRCTCৰ অফিচিয়েল ৱেবছাইট irctc.com ত ৪ মাৰ্চ বা তাৰ পূৰ্বে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।

চাকৰি প্ৰত্যাশী দেশৰ যুৱক-যুৱতীসকলৰ সমুখত এক সুৱৰ্ণ সুযোগ। ভাৰতীয় ৰে’লৱেই এই যুৱক-যুৱতীসকলৰ বাবে নিযুক্তি লাভৰ এক সুন্দৰ সুযোগ আনিছে। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যনে (IRCTC) হস্পিটেলিটি মনিটৰৰ পদবীৰ খালী পদ মুকলি কৰিছে। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা ৪ মাৰ্চত আবেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব। গতিকে ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে IRCTCৰ অফিচিয়েল ৱেবছাইট irctc.com ত ৪ মাৰ্চ বা তাৰ পূৰ্বে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।
IRCTC এ জাৰি কৰা নিযুক্তি অধিসূচনাৰ লগতে আবেদন পত্ৰ মুকলি কৰা হৈছে। এই প্ৰ-পত্ৰ ডাউনলোড কৰি ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত হস্পিটেলিটি মনিটৰৰ মুঠ ৬টা পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে। মুঠ পদৰ ভিতৰত ২টা পদ জেনেৰেল শ্ৰেণীৰ বাবে, ৩টা অ’বিচি আৰু ১টা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।
পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীজনৰ কি অৰ্হতা থাকিব লাগে তথা বয়স কিমান হ’ব লাগিব, চাওঁ আহক-
আবেদনকাৰী প্ৰাৰ্থীৰ হস্পিটেলিটি আৰু হোটেল মেনেজমেণ্টত বি.এছ.চি. ডিগ্ৰী থাকিব লাগিব। পৰ্যটন মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় পাককলা প্ৰতিষ্ঠানৰ পৰা বিবিএ/এমবিএ ডিগ্ৰী গ্ৰহণ কৰা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব। এই পদসমূহৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ সৰ্বোচ্চ বয়স ২৮ বছৰ হ’ব লাগে। অৱশ্যে সাংবিধানিক নিয়ম অনুসৰি বয়সৰ সীমাৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে।
সেই অনুসৰি অ’বিচি শিতানৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা ৩ বছৰ আৰু অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ ৰেহাই প্ৰদান কৰা হৈছে। একে সময়তে প্ৰতিবন্ধী শ্ৰেণীক সৰ্বোচ্চ বয়সৰ সীমাত ১০ বছৰৰ শিথিলতা প্ৰদান কৰা হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াত আবেদনকাৰীক সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে প্ৰতিমাহে ৩০ হাজাৰ টকা দৰমহা লাভ কৰিব।
দৰমহাৰ উপৰিও নিযুক্ত লাভ কৰাসকলে অন্যান্য ভাট্টাও লাভ কৰিব। সাক্ষাৎকাৰত সফল হোৱা প্ৰাৰ্থীক চিকিৎসা পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হ’ব আৰু চিকিৎসা পৰীক্ষাত সফল হোৱাৰ পিছত তেওঁলোকক নিযুক্তি প্ৰদান কৰা হ’ব। ২ বছৰৰ চুক্তিৰ ভিত্তিত প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে জাৰি কৰা অফিচিয়েল অধিসূচনা চাব পাৰে।